আজি মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক সোণাৰাম পাঞাং কটকীৰ স্মৃতি দিৱস । ঘৰুৱা আৰু সামাজিক প্ৰতিকূল পৰিস্থিতিৰ বাবে হাইস্কুল পৰ্যায়তে শিক্ষা জীৱনৰ সামৰণি মাৰিবলগীয়া হ’লেও ১৯১৩ চনত তেওঁ অতি পিছপৰা মেচাকি চাপৰিত এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰি নিজেও শিক্ষকতা কৰিছিল । তদুপৰি নামঘৰ, পুথিভঁৰাল, মুৰংঘৰ আদিও প্ৰতিষ্ঠা কৰিছিল । ১৯৩৯ চনত ঢকুৱাখনাৰ বগৰীগুৰি মিচিং গাঁৱত তেওঁ আন এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু তাতে শিক্ষাদান কৰিবলৈ লয় । গাঁওখনত এটি নামঘৰ প্ৰতিষ্ঠা কৰি তেওঁ মিচিং সমাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ চেষ্টা চলাইছিল । তেওঁ পাহাৰৰ পৰা বিভিন্ন ঔষধি গছ-বন সংগ্ৰহ কৰি বনৌষধৰো ব্যৱসায় কৰিছিল । মিচিংসকলৰ লিখিত বুৰঞ্জী নাছিল বাবে তেওঁ আবৰ পাহাৰ, ডফলা পাহাৰ, নেফা আদি ঠাই ভ্ৰমণ কৰি তথ্য সংগ্ৰহ কৰিছিল । ১৩ বছৰ কাল এনেদৰে ভ্ৰমণ কৰি তেওঁ ‘মিৰি জাতিৰ বুৰঞ্জী’ গ্ৰন্থখন ৰচনা কৰে আৰু ১৯৩৫ চনত গ্ৰন্থখন প্ৰকাশ পায় । তদুপৰি তেওঁ মিৰি দুৱান নামেৰে মিচিং-অসমীয়া-ইংৰাজী শব্দকোষ এখনো প্ৰণয়ন কৰে । ১৯১৫ চনত প্ৰকাশ পোৱা এইখনেই মিচিং ভাষাৰ প্ৰথম শব্দকোষ । তেওঁ মিচিং ঐনিতম নামেৰে আন এখন পাণ্ডুলিপিও প্ৰস্তুত কৰিছিল । মান পৰাজয় নামৰ গ্ৰন্থ এখনো প্ৰস্তুত কৰিছিল । ব্ৰিটিছ সকল আৰু বিভিন্ন পাহাৰীয়া ভাষা-ভাষী লোকৰ মাজৰ কথা-বতৰাত দোভাষীৰ ভূমিকা লোৱা বাবে ব্ৰিটিছে তেওঁক কটকী উপাধি প্ৰদান কৰিছিল । ১৯৫২ চনৰ আজিৰ দিনটোতে গন্ধিয়া মিচিং গাঁৱত তেওঁৰ দেহাৱসান ঘটে । বুৰঞ্জী প্ৰণেতাগৰাকীলৈ আমাৰ প্ৰণাম ।