আজি সাহিত্যিক, সাংবাদিক তথা শিক্ষাবিদ তীৰ্থনাথ শৰ্মাৰ ওপজা দিন আৰু স্মৃতি দিৱস । ১৯১১ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ জৰাবাৰী বামুণগাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে সাহিত্যিক, শিক্ষাবিদ, সংস্কৃত পণ্ডিত, সাংবাদিক তথা ভাৰততত্ত্ববিদ । তেওঁ ছাত্ৰাৱস্থাতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল । আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছিল । ১৯৩৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা আৰম্ভ কৰে । ১৯৫৪ চনত তেওঁ গুৱাহাটীত প্ৰাগজ্যোতিষ মহাবিদ্যালয় স্থাপন কৰি তাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰে । ১৯৫১ চনত তেওঁ আছাম বোৰ্ড অব মিউজিক প্ৰতিষ্ঠা কৰে । তেওঁ কামধেনু নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল । উপনিষদৰ অসমীয়া অনুবাদ কৰি তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাললৈ এক বিশেষ বৰঙণি আগবঢ়াই থৈ যায় । তেওঁ প্ৰায় কুৰিখন বহুমূলীয়া গ্ৰন্থ লিখি অসমীয়া সাহিত্যক চহকী কৰিছে । ১৯৭১ চনত মাকুমত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । ১৯৮৭ চনত তেওঁৰ বেণুধৰ শৰ্মা নামৰ গ্ৰন্থখনৰ বাবে মৰণোত্তৰভাৱে তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয় । কামসেন্দূৰ, কামাখ্যাৰাম বৰুৱা, ভক্তিবাদ, গান্ধী-শিক্ষা সাৰ, আউনিআটী সত্ৰৰ বুৰঞ্জী আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯৮৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি কিংবদন্তি ফুটবলাৰ পেলেৰ ওপজা দিন । ১৯৪০ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল ব্ৰাজিলৰ ট্ৰেছ কোৰাকোৱেছ নামৰ ঠাইত । তেওঁৰ সম্পূৰ্ণ নামটো আছিল এদছোঁ আৰাচঁ দু নাছিমেঁতু । তেওঁ ব্ৰাজিলৰ ৰাষ্ট্ৰীয় দলৰ সৰ্বকালৰ সৰ্বাধিক গোলদাতা আৰু তিনিবাৰকৈ বিশ্বকাপ বিজয়ী একমাত্ৰ ফুটবলাৰ । ১৯৫৭ চনত তেওঁ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলে আৰ্জেণ্টিনাৰ বিপক্ষে । ১৯৫৮ চনত তেওঁ প্ৰথমখন ফিফা বিশ্বকাপৰ খেল খেলে ছোভিয়েট ইউনিয়নৰ বিপক্ষে । ১৯৬৬ চন আৰু ১৯৭০ চনৰ ফিফা বিশ্বকাপৰ খেলতো তেওঁ ভাগ লৈ নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰে । তেওঁ নিজৰ ফুটবলাৰ জীৱনত বিপক্ষ দলক মুঠ ৭২৭ টা গোল দিয়ে । খেলুৱৈগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।