আজি আধুনিক অসমীয়া সাহিত্যৰ অন্যতম পথিকৃত পদ্মনাথ গোহাঞি বৰুৱাৰ ওপজা দিন । ১৯৭১ চনৰ আজিৰ দিনটোতে উত্তৰ লক্ষীমপুৰৰ নকাৰী গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ তথা সাংবাদিক । কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এ ডিগ্ৰী আহৰণ কৰি তেওঁ ক’হিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । তাতেই তেওঁ কেইবাখনো পাঠ্যপুথি, নীতিশিক্ষাৰ পুথি, ভূগোল, বুৰঞ্জী আদি ৰচনা কৰে । ক’হিমাত থাকোঁতেই তেওঁ ক’হিমা সাহিত্য সভা প্ৰতিষ্ঠা কৰে । ক’হিমাৰ পৰা আহি তেওঁ তেজপুৰ নৰ্মাল স্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে । তেওঁৰ প্ৰচেষ্টাতে তেজপুৰত নামঘৰ আৰু বাণ ৰংগমঞ্চ স্থাপন হয় । পিছলৈ তেওঁ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হয় । ব্ৰিটিছ চৰকাৰে তেওঁক ৰায় চাহাব আৰু ৰায় বাহাদুৰ উপাধি প্ৰদান কৰে । তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৩৩খন । পদ্মাপাণি, লীলা কাব্য আদি তেওঁৰ কবিতা পুথি । জয়মতী, গদাধৰ, সাধনী, লাচিত বৰফুকন, গাওঁবুঢ়া, ভূত নে ভ্ৰম আদি নাটক । তেওঁ ৰচনা কৰা ভানুমতী অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস । মোৰ সোঁৱৰণী তেওঁৰ আত্মজীৱনী । তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি । ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । এইগৰাকী বৰেণ্য সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম নক্ষত্ৰ প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ওপজা দিন । ১৯০৩ চনৰ আজিৰ দিনটোতে অসমৰ গৌৰীপুৰত বাংলা আৰু হিন্দী চলচ্চিত্ৰৰ এই আগশাৰীৰ নিৰ্মাতাগৰাকীৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ । ভাৰতীয় চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰথম কৃত্ৰিম পোহৰৰ কৌশল ব্যৱহাৰ কৰা হৈছিল তেওঁৰ বৰুৱা পিকচাৰ্ছ লিমিটেডৰ বেনাৰত নিৰ্মিত অপৰাধী (১৯৩১) নামৰ চলচ্চিত্ৰখনত । তেওঁ শৰৎচন্দ্ৰৰ দেৱদাস উপন্যাসখনৰ আধাৰত একে নামেৰে বাংলা আৰু হিন্দীত চলচ্চিত্ৰ নিৰ্মাণ কৰি বিশেষ প্ৰসিদ্ধি লাভ কৰিছিল । এই চলচ্চিত্ৰখনত তেওঁ নাম ভূমিকাত অৰ্থাৎ দেৱদাসৰ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁ মঞ্জিল, মুক্তি, অধিকাৰ আদি কেইবাখনো হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰে । এইগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ ব্যক্তিত্বলৈ আমাৰ প্ৰণাম ।