আজি বিশিষ্ট সাহিত্যিক চন্দ্ৰধৰ বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী নাট্যকাৰ, কবি তথা গীতিকাৰ । কলিকতাত কলেজীয়া শিক্ষা সাং কৰি আহি তেওঁ যোৰহাটত ওকালতি আৰম্ভ কৰাৰ লগতে চাহ বাগিচা খুলি ব্যৱসায়ো কৰে । ১৯২০ চনত তেওঁ দিল্লীৰ কাউন্সিল অব ষ্টেটছৰ সভ্য নিৰ্বাচিত হয় । ভাৰতৰ স্বাধীনতা সম্পৰ্কে ১৯৩০ চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজ মেলত তেওঁ অসমৰ প্ৰতিনিধি হিচাপে যোগদান কৰে । ১৯১৮ চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনত তেওঁ সভাপতিত্ব কৰে । ৰত্নকোষ নামৰ খণ্ডবাক্য আৰু ফকৰা-যোজনাৰ সংকলন তেওঁৰ অমৰ কীৰ্তি । ‘ধূলিকণা মই’ তেওঁৰ এটি জনপ্ৰিয় কবিতা । ১৯২৯ চনত কামৰূপ সঞ্জীৱনী সভাই তেওঁক সাহিত্য ৰত্ন উপাধি প্ৰদান কৰে । ১৯৬১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক, সাংবাদিক তথা অধ্যাপক উপেন্দ্ৰ বৰকটকীৰ ওপজা দিন । ১৯৪২ চনৰ আজিৰ দিনটোতে নগাঁৱৰ হাটবৰত তেওঁৰ জন্ম হৈছিল । গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা অসমীয়াত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ শিক্ষকতা কৰাৰ লগতে ‘দৈনিক অসম’ কাকতৰ স্থানীয় নিজা বাতৰি দিওতা হিচাপে কাম কৰে । পিছলৈ তেওঁ কাকতখনৰ সহকাৰী সম্পাদকৰ দায়িত্বও পালন কৰে । তাৰ পিছত বি বৰুৱা কলেজত অধ্যাপকৰ পদত নিযুক্তি পায় । অৱশেষত তেওঁ লামডিং কলেজত ৩১ বছৰ অধ্যাপনা কৰি ২০০৪ চনত অৱসৰ লয় । তেওঁ প্ৰায় আঢ়ৈ কুৰিখন বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰে । বৰণীয় স্মৰণীয়, ব্যক্তি আৰু দেশপ্ৰেম, ব্যক্তিত্বৰ সংবাদ আৰু সংঘাত আদি তেওঁৰ কেইখনমান গ্ৰন্থ । ২০০৫ চনত তেওঁ সাহিত্যিক পেঞ্চন লাভ কৰে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কণ্ঠশিল্পী ৰিদিপ দত্তৰ স্মৃতি দিৱস । তেওঁ আকাশবাণীৰ স্বীকৃত কণ্ঠশিল্পী আছিল । তদুপৰি তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ গীততো কণ্ঠদান কৰিছিল । মাইজান তোকে দেখা পাই, অ’ সৰু ভনীটি, সাগৰিকা কিনো ক’লা, কণমানি সেই ভণ্টিজনী আদি তেওঁৰ কণ্ঠৰ জনপ্ৰিয় গীত ।১৯৯৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় কণ্ঠশিল্পী জিতেন ডেকাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী । তেওঁৰ গীতৰ এক সুকীয়া ধাৰা আছে । ১৯৭৮ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ পৰা কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে ।তেওঁৰ কণ্ঠৰ এটি অতি জনপ্ৰিয় গীত ‘মোৰ শুকুলা ঘোঁৰা, নাম যাৰ আশা…’ । তদুপৰি কি যে মিঠা লাগি আছে তোমাৰ স’তে, স্ৰোতস্বিনী অ’ গংগা, সৰু সৰু মানুহ আমি আদিও তেওঁৰ কণ্ঠৰ জনপ্ৰিয় গীত । ২০১৫ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।