আজি বিশিষ্ট কবি তথা গীতিকাৰ নিত্যা দত্তৰ স্মৃতি দিৱস । তেওঁ অসম আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়া আছিল । এগৰাকী কবি হিচাপে তেওঁ খ্যাত আছিল । গীতিকাৰ হিচাপেও তেওঁ আছিল জনপ্ৰিয় । তেওঁ আকাশবাণী গুৱাহাটীৰ স্বীকৃত গীতিকাৰ আছিল । সমৰ হাজৰিকাৰ কণ্ঠৰ ‘মোৰ কবিতাৰ অনামী তুমি’, পুলক বেনাৰ্জীৰ কণ্ঠৰ ‘পুৱাৰ সুৰুযে ঢাকিলে’, শান্তা উজীৰৰ কণ্ঠৰ ‘ৰাতি জিলমিল তৰা জিলমিল’ আদি তেওঁ ৰচনা কৰা জনপ্ৰিয় গীত । ১৯৯১ চনৰ আজিৰ দিনটোতে তেওঁৰ আততায়ীৰ হাতত মৃত্যু হয় । কবি তথা গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।