আজি বিশিষ্ট অভিনেতা জৰ্জ বেকাৰৰ ওপজা দিন । ১৯৪৬ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ বিশেষকৈ অসমীয়া আৰু বাংলা ভাষাৰ চলচ্চিত্ৰত কৰা অভিনেয়েৰে খ্যাতি অৰ্জন কৰিছে । তেওঁ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অভিযান্ত্ৰিক বিভাগৰ চাকৰিয়াল আছিল । পিছলৈ তেওঁ নিজাকৈ ব্যৱসায়ত জড়িত হৈ পৰে । ১৯৭৪ চনত তেওঁ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ‘চামেলি মেমচাব’ৰ মুখ্য চৰিত্ৰ এটাত অভিনয়ৰ যোগেদি চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে । তেওঁ চলচ্চিত্ৰখনত বাৰ্কলে চাহাবৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল । ২৩ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল । পিছলৈ চলচ্চিত্ৰখন বাংলা আৰু হিন্দী ভাষাতো ৰিমেক কৰা হৈছিল আৰু বাংলা সংস্কৰণটোতো তেওঁ একেটা চৰিত্ৰতে অভিনয় কৰিছিল । তেওঁ অসমীয়া আৰু বাংলাৰ উপৰি ইংৰাজী, হিন্দী আৰু চাওতালী ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰে । তেওঁ টেলিফিল্ম, টেলিভিছন ধাৰাবাহিকৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল । তেওঁ চামেলি মেমচাবৰ উপৰি দেৱী, আদালত, প্ৰিয়জন আদি কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল । হিন্দী চলচ্চিত্ৰ ‘পৰিণীতা’ত তেওঁ ছাৰ উইলিয়াম একহাৰ্টৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল । ২০১৫ চনত তেওঁক ইংগ-ভাৰতীয় সদস্যৰ বাবে সংৰক্ষিত আসনত ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰে । অভিনেতাগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।
আজি বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সংগীত শিল্পী লোকনাথ গোস্বামীৰ ওপজা দিন । ১৯৫০ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক, লেখক তথা সমাজকৰ্মী । তেওঁ তেজপুৰ একাডেমিত বিজ্ঞান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও পিছলৈ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত এছিষ্টেণ্ট কেমিষ্ট হিচাবে যোগদান কৰি ২০১২ চনৰ জানুৱাৰীত সহকাৰী কেন্দ্ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে । ১৯৭৮ চনত তেওঁ আকাশবাণী ডিব্ৰুগড়ত নিয়মীয়া আধুনিক গীতৰ শিল্পীৰ স্বীকৃতি লাভ কৰে । ১৯৮২ চনত ডিব্ৰুগড়ত গঠন কৰা ‘সদৌ অসম জনসাংস্কৃতিক পৰিষদ’ৰ তেওঁ অন্যতম উদ্যোক্তা আছিৰ । পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ডঃ ভূপেন হাজৰিকা । আমোলমোল শেৱালিৰ গোন্ধ, জন হেনৰী আদি তেওঁৰ গীতৰ এলবাম । মঘাই বোলে ঢোলৰ মাত, আমোলমোল শেৱালিৰ গোন্ধ আদি তেওঁৰ কণ্ঠৰ অতি জনপ্ৰিয় গীত । সংগীতৰ উৎপত্তি আৰু ক্ৰমবিকাশ, ডঃ ভূপেন হাজৰিকাৰ জনসাংস্কৃতিক পৰিক্ৰমা, কত শিল্পী কত দুখ, দেশ ভাগিলেও সমাজখন নেভাগক আদি তেওঁৰ গ্ৰন্থসমূহৰ অন্যতম । শিল্পীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।