আজি ‘জ্ঞানমালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ আছিল অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিখা ৰোৱা বাঘ হাজৰিকাৰ বংশধৰ । ১৮৯৩ চনত তেওঁ উত্তৰ লক্ষীমপুৰত ফৰেষ্টাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । ১৮৯৬ চনত তেওঁ কাছাৰীত আমোলা হিচাপে যোগদান কৰি ১৯২৬ চনত চিভিল পেস্কাৰ হিচাপে অৱসৰ লয় । তেওঁ ‘জ্ঞানমালিনী’ৰ উপৰি ‘তত্ত্ব পাৰিজাত’ আৰু ‘মালিনীৰ বীণ’ নামৰ আন দুখন কবিতা পুথিও ৰচনা কৰে । ১৯০৪ চনৰ পৰা ১৯৩৪ চনলৈ সুদীৰ্ঘ তিনিটা দশক তেওঁ ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক আছিল । তেওঁৰ প্ৰচেষ্টাতে গঢ় লৈ উঠিছিল ডিব্ৰুগড় কছম’পলিটান হাই স্কুল (১৯০২) । ১৯২৬ চনত তেওঁ সাহিত্যিক পেঞ্চন লাভ কৰে । ১৯৩০ চনত গোলাঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৫৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি নাট্যপ্ৰভাকৰ সত্য প্ৰসাদ বৰুৱাৰ ওপজা দিন । ১৯১৯ চনৰ আজিৰ দিনটোতে মিজোৰামৰ আইজলত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী নাট্যকাৰ, নাট পৰিচালক, নাট সমালোচক, নাট্যতত্ত্বৰ গৱেষক তথা সাংবাদিকো আছিল । তেওঁ ১৯৪৮ চনত অল ইণ্ডিয়া ৰেডিঅ’ত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰি পিছলৈ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত যুটীয়া সঞ্চালকৰ পৰা সঞ্চালক হয়গৈ । ১৯৭২ চনত তেওঁ সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালকৰ দায়িত্ব লৈ ১৯৭৪ চনত অৱসৰ লয় । তেওঁ সহ-অভিনয়ৰ প্ৰচলনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । তেওঁ লিখা ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটখন ৰেডিঅ’ যোগে প্ৰচাৰিত প্ৰথম অসমীয়া নাটক । তেওঁ দ্য আছাম ট্ৰিবিউন কাকতত চাইক্লৰামা নামৰ এটা শিতান যোগে নাটকৰ সমালোচনা লিখিছিল । দৈনিক অসম, নতুন দৈনিক, আজিৰ অসম, দৈনিক জনমভূমি আদি কাকততো নাট সমালোচনা লিখিছিল । তেওঁ কুৰিখনৰো অধিক বিভিন্ন বিষয়ৰ গ্ৰন্থ লিখি থৈ গৈছে । ১৯৮৬ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । নাট্যপ্ৰভাকৰলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক গৌৰী বৰ্মনৰ স্মৃতি দিৱস । ১৯৭০ চনত অপৰাজেয় নামৰ চলচ্চিত্ৰখন তেওঁ ফণী তালুকদাৰ, অতুল বৰদলৈ আৰু মুনীন বায়নৰ সৈতে চতুৰংগ নামেৰে যুটীয়াভাৱে পৰিচালনা কৰিছিল । নিজাববীয়াকৈ পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল হৃদয়ৰ প্ৰয়োজন । পিছলৈ তেওঁ অকণ, যুগে যুগে সংগ্ৰাম আৰু আপোনজন চলচ্চিত্ৰ পৰিচালনা কৰে । তেওঁ দূৰদৰ্শনৰ বাবেও ধাৰাবাহিক নিৰ্মাণ কৰিছিল । বিভিন্ন কাকত আলোচনী আদিতো তেওঁ নিয়মীয়াকৈ লিখিছিল । চিত্ৰশিল্পী হিচাপেও তেওঁৰ বিশেষ খ্যাতি আছিল । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।