আজি সুদক্ষ আৰক্ষী বিষয়া তথা সাহিত্যিক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ওপজা দিন । ১৯৩৪ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল ১৯৫৮ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী বিষয়া । ভাষা আন্দোলনৰ সময়ত ৰাজ্যৰ আইন-শৃংখলা সন্দৰ্ভত তেওঁক তদন্ত কৰিবলৈ দিয়াত তেওঁ তাৰ যি প্ৰতিবেদন দাখিল কৰিছিল, সিয়ে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ১৯৬২-৬৪ চনৰ সময়ছোৱাত তেওঁ চৰকাৰী নিৰ্দেশ অনুসৰি পাকিস্তানী অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ, ভাৰত ত্যাগৰ জাননী প্ৰেৰণ, আইন অনুসৰি বহিষ্কৰণ, বিদেশী ন্যায়াধীকৰণলৈ তথ্য প্ৰেৰণ আদি দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল । চলিহা চৰকাৰৰ দিনতো তেওঁ বিদেশী বহিষ্কাৰৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল । ১৯৭৭ চনত তেওঁ ৰাষ্ট্ৰপতিৰ দুঃসাহসিক কীৰ্তি বঁটা লাভ কৰে । ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে বাংলাদেশৰ মুক্তি বাহিনীৰ পাঁচশ কেডাৰক গেৰিলা প্ৰশিক্ষণ দিয়াৰ কৃতজ্ঞতা স্বৰূপে ২০১৩ চনত বাংলাদেশ চৰকাৰে তেওঁক ফ্ৰেইণ্ডছ অব লিবাৰেচন ৱাৰ সন্মান প্ৰদান কৰে । ১৯৭৯ চনত মঙলদৈ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত অনুপ্ৰৱেশকাৰীৰ নাম চিনাক্ত কৰি তেওঁ দাখিল কৰা প্ৰতিবেদনখনেই সূত্ৰপাত ঘটাইছিল অসম আন্দোলনৰ । অসম আন্দোলনৰ প্ৰতি উদগনি যোগোৱা আৰু আৰক্ষীত বিদ্ৰোহৰ সূচনা কৰাৰ অভিযোগত ১৯৮১ চনত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি পিছত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল । ১৯৮৩ চনত তেওঁক পুনৰ কাৰাৰুদ্ধ কৰা হয় । ইয়াৰ বিৰুদ্ধে তেওঁ আদালতৰ দ্বাৰস্থ হৈ জয়ী হয় । তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কেইবাখনো গ্ৰন্থ লিখি থৈ গৈছে । জীৱনৰ একা-বেঁকা বাট, আগন্তুক, অসম : দ্বিতীয় লেবানন আদি তেওঁৰ অন্যতম গ্ৰন্থ । কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী তেওঁৰ এখন অতি জনপ্ৰিয় গ্ৰন্থ । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি সুদক্ষ চিত্ৰগ্ৰহণকাৰী তথা পৰিচালক মৃণালকান্তি দাসৰ ওপজা দিন । ১৯৬৫ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । পুণে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ স্নাতক মৃণালকান্তি দাসে কেইবাখনো চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণ কৰাৰ উপৰি দূৰদৰ্শন ধাৰাবাহিকো পৰিচালনা কৰিছিল । তেওঁ অসমীয়া চলচ্চিত্ৰ বৈভৱ, হিয়া দিয়া নিয়া, গুণ গুণ গানে গানে, মীমাংসা, বড়ো চলচ্চিত্ৰ পানৈ-জংকি আদি চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণ কৰিছিল । অসমীয়া চলচ্চিত্ৰ ৰাগ-বিৰাগ আৰু অদাহ্যৰ চিত্ৰগ্ৰহণৰ বাবে তেওঁ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । তেওঁ এগৰাকী পৰ্বতাৰোহণকাৰীও আছিল । ১৯৮৬ চনত তেওঁ পশ্চিম হিমালয়ৰ মেনথোচা শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয়ৰ অভিলেখ স্থাপন কৰে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।