আজি লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ওপজা দিন। ১৮৭৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বে প্ৰেছিডেন্সিৰ নাদিয়াদত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী । তেওঁ এগৰাকী আগশাৰীৰ স্বাধীনতা যুঁজাৰুও আছিল । ১৯৩১ চনত কৰাছীত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । স্বাধীনতাৰ পিছত তেওঁ দেশৰ সৰু সৰু ৰাজ্যসমূহক একলগ কৰি আজিৰ ভাৰতখন গঢ়ি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । ১৯৯১ চনত মৰণোত্তৰভাৱে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত-ৰত্ন প্ৰদান কৰা হয় । গুজৰাটৰ নৰ্মদা নদীৰ পাৰত তেওঁৰ ১৮২ ফুট উচ্চতাৰে পৃথিৱীৰ সৰ্বোচ্চ মূৰ্তি ষ্টেচু অব ইউনিটী বা একতাৰ মূৰ্তি স্থাপন কৰা হয় । এইগৰাকী দেশনিৰ্মাতালৈ আমাৰ প্ৰণাম ।
আজি দেশৰ প্ৰথমগৰাকী আৰু এই পৰ্যন্ত একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতি দিৱস । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল । ১৯৬৬ চনত তেওঁ দেশৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । ১৯৭৭ চনলৈকে তেওঁ ক্ষমতাত থাকে । এই কাৰ্যকালতে তেওঁ বেংক ৰাষ্ট্ৰীয়কৰণৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । তাৰ পিছত ১৯৮০ চনত তেওঁ পুনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয় আৰু মৃত্যুৰ সময়লৈকে কাৰ্যনিৰ্বাহ কৰি থাকে । ১৯৭১ চনত তেওঁক ভাৰত-ৰত্ন সন্মান প্ৰদান কৰা হয় । ১৯৮৪ চনৰ আজিৰ দিনটোতে দিল্লীত নিজৰ দেহৰক্ষীৰ গুলীত তেওঁৰ মৃত্যু হয় । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।