আজি শিশু-সাহিত্যিক আজলীতৰা নেওগৰ স্মৃতি দিৱস । তেওঁ আছিল সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ কন্যা আৰু ডিম্বেশ্বৰ নেওগৰ পত্নী । তেওঁ কেইবাখনো শিশু-সাহিত্য ৰচনা কৰি থৈ গৈছে । সেইবোৰ হ’ল — আলিবাবা আৰু দুকুৰি ডকাইত, সিন্দবাদ আৰু সাতোটি জলযাত্ৰা, আলাউদ্দিন আৰু এটি আচৰিত চাকি, আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা । ১৯৪৯ চনৰ আজিৰ দিনটোতে মাথোঁ ৩৫ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ মধুৰাম বড়োৰ ওপজা দিন । ১৯৩৮ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ হাজোত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে ভাষা বিজ্ঞানৰ প্ৰথমগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী । শনিয়াদি হাই মাদ্ৰাছাত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি ৰামদিয়া, হাজো, উত্তৰ গুৱাহাটী, ৰঙিয়া আদি ঠাইৰ বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষা বিভাগত যোগদান কৰি ১৯৯৮ চনত বড়ো ভাষাৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ লয় । তেওঁ বড়ো, অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰায় ৭০ খন গ্ৰন্থ ৰচনা কৰে । তেওঁ সংবাদ সাপ্তাহিক নামৰ অসমীয়া, বড়ো, ইংৰাজী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাত প্ৰকাশিত কাকত এখনৰ সম্পাদক আছিল । অসমীয়া জনমত নামৰ সাপ্তাহিক কাকত এখনৰো সম্পাদনা কৰিছিল । ২০০৬ চনত তেওঁ দৈনিক কাকত ‘আজি’ৰ সম্পাদক হিচাপে যোগদান কৰে । ২০০২ চনত তেওঁ সাহিত্য অকাডেমিৰ ভাষা সন্মান আৰু অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে । সাহিত্যিক, শিক্ষাবিদ তথা সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।