VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
November 3, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ওপজা দিন । ১৮৭৫ চনৰ আজিৰ দিনটোতে উত্তৰ গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁ ১৮৯৬ চনত প্ৰেছিডেন্সি কলেজৰ পৰা বি এ আৰু ১৮৯৯ চনত ৰিপন কলেজৰ পৰা বি এল ডিগ্ৰী লাভ কৰে । তেওঁ এগৰাকী ভাল মুষ্ঠিযোদ্ধা আৰু ফুটবল খেলুৱৈও আছিল । তেওঁ ১৯০৮ চনত কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয় আৰু ১৯১৮ চনত গুৱাহাটীলৈ উভতি আহে । ১৯১৫ চনত তেওঁ আছাম এছোচিয়েছনৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি হৈছিল । ‘সংস্কাৰ আঁচনি’ৰ অধীনত অসমক গভৰ্ণৰশাসিত ৰাজ্যৰ মৰ্যাদা দিবলৈ ইংলেণ্ডৰ হাউছ অব লৰ্ডছৰ লৰ্ড ছেলবোৰ্ণ কমিটীৰ সন্মুখত যুক্তি প্ৰদৰ্শন কৰি তেওঁ সফল হয় । তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন কাৰ্যসূচীত যোগদান কৰি তিনিবাৰকৈ গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হয় আৰু কাৰাবাসো খাটে । তেওঁ কেইবাবছৰ ধৰি গুৱাহাটী লোকেল বোৰ্ডৰ অধ্যক্ষও আছিল । তেওঁ জোনাকী, বিজুলী আদি আলোচনীত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক অৰুণ শৰ্মাৰ ওপজা দিন । ১৯৩১ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ সেন্দূৰী আলিত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে এগৰাকী নাট্যকাৰ, ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ তথা অনাতাঁৰ শিল্পী । ১৯৫৪ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী আহৰণ কৰি দ্য আছাম ট্ৰিবিউন কাকতত সহকাৰী সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰে । তাৰ পিছত কিছুদিন হেলেমত শিক্ষকতা কৰি ১৯৬০ চনত অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে । তেওঁ আকাশবাণীৰ নাট বিভাগৰ সৈতে জড়িত থকাৰ সূত্ৰে ১৯৭০-৮০ৰ দশকত ৪৭খন নাটক আৰু অনেক অনাতাঁৰ ডকুমেণ্টৰী ৰচনা কৰে । ১৯৯০ চনত তেওঁ শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ নৰ্থ-ইষ্ট ছাৰ্ভিচৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ সাপ্তাহিক পূৰ্বাচলৰ সম্পাদকো আছিল । ২০০২ চনত তেওঁ অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল । নিবাৰণ ভট্টাচাৰ্য, উৰুখা পঁজা, বাঘজাল, ককুৰনেচীয়া মানুহ আদি তেওঁৰ বিখ্যাত নাটক । সন্ধ্যাৰাগ চলচ্চিত্ৰত তেওঁ অভিনয়ো কৰিছিল । উভলা শিপা, যযাতি আৰু ৰঞ্জনা, পৰশুৰাম আদি তেওঁৰ জনপ্ৰিয় উপন্যাস । ১৯৯৮ চনত তেওঁৰ আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

১৪ ঘণ্টাজোৰা বৈঠক, নিশা ১.১৫ বজালৈ মুখ্যমন্ত্ৰী ডিচি-এছপিৰ আলোচনা ?

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
১৪ ঘণ্টাজোৰা বৈঠক, নিশা ১.১৫ বজালৈ মুখ্যমন্ত্ৰী ডিচি-এছপিৰ আলোচনা ?

১৪ ঘণ্টাজোৰা বৈঠক, নিশা ১.১৫ বজালৈ মুখ্যমন্ত্ৰী ডিচি-এছপিৰ আলোচনা ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7