আজি নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ তথা সমাজ সংস্কাৰক গুণাভিৰাম বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথপ্ৰদৰ্শক । তেওঁ ৰচনা কৰা ‘ৰাম-নৱমী’ নাটকখনেই প্ৰকৃততে আধুনিক অসমীয়া নাটকৰ ধাৰাটোৰ সূচনা কৰে । তেওঁ সেই সময়ত বিধৱা বিবাহকে ধৰি বিভিন্ন সংস্কাৰমূলক কামৰ গুৰি ব’ঠা ধৰিছিল । তেওঁ অসম বন্ধু নামৰ আলোচনী এখনৰো সম্পাদনা কৰিছিল । আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত, অসম বুৰঞ্জী, সৌমাৰ ভ্ৰমণ আদি তেওঁ ৰচনা কৰা গ্ৰন্থ । ১৮৯৮ চনৰ আজিৰ দিনটোতে তেওঁ পৰলোক গমন কৰে । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ স্মৃতি দিৱস । অসমীয়া উপন্যাসৰ পিতৃ বুলি কোৱা ৰজনীকান্ত বৰদলৈ আছিল ‘জোনাকী’ যুগত অসমীয়া সাহিত্য প্ৰতিষ্ঠা কৰাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তিসকলৰ ভিতৰত অন্যতম । বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে । ‘মিৰি জীয়ৰী’ তেওঁৰ এখন জনপ্ৰিয় উপন্যাস । তেওঁ ৰচনা কৰা ‘মনোমতী’ হৈছে প্ৰথম ঐতিহাসিক উপন্যাস । তেওঁৰ আন ৰচনাসমূহৰ ভিতৰত দন্দুৱা দ্ৰোহ, ৰঙিলী, নিৰ্মল ভকত, ৰহদৈ লিগিৰী আদি উল্লেখযোগ্য । ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৪০ চনৰ আজিৰ দিনটোতে তেওঁৰ মৃত্যু ঘটিছিল । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা ইন্দ্ৰ বণিয়াৰ স্মৃতি দিৱস । মুখ্যতঃ এগৰাকী কৌতুক অভিনেতা হিচাপে তেওঁ অধিক জনপ্ৰিয় । মঞ্চ, চলচ্চিত্ৰ, ৰেডিঅ’ আদি বিভিন্ন ক্ষেত্ৰত তেওঁ অভিনয় কৰিছিল । জনপ্ৰিয় ধাৰাবাহিক অনাতাঁৰ নাট ‘গোৱৰ্ধন চৰিত’ৰ মুখ্য চৰিত্ৰটো তেওঁ ৰূপায়ণ কৰিছিল । বৃক্ষৰ খোজ আৰু চৰকাৰী ইন্সপেক্টৰ তেওঁ অভিনয় কৰা দুখন বিখ্যাত নাটক । হালধীয়া চৰায়ে বাও ধান খায় চলচ্চিত্ৰখনৰ ৰসেশ্বৰৰ চৰিত্ৰটোত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছিল । তেওঁ নটসূৰ্য ফণী শৰ্মা বঁটাও লাভ কৰিছিল । ২০১৫ চনৰ আজিৰ দিনটোতে তেওঁৰ মৃত্যু হয় । এইৰাকী বিশিষ্ট অভিনেতালৈ আমাৰ প্ৰণাম ।