আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক তথা শিক্ষাবিদ বীৰেন বৰকটকীৰ স্মৃতি দিৱস । ১৯৪৩ চনত তেওঁ ‘সাদিনীয়া অসমীয়া’ কাকতৰ সহকাৰী সম্পাদক হিচাপে যোগদান কৰে । ১৯৪৮ চনত তেওঁ ‘দৈনিক অসমীয়া’ কাকতৰ সহযোগী সম্পাদক হিচাপে নিযুক্তি লাভ কৰে । ‘ৰামধেনু’ আলোচনীখনো তেওঁ সম্পাদনা কৰিছিল । ‘দৈনিক অসম’ৰ জন্ম লগ্নৰে পৰাই তেওঁ শিৱসাগৰৰ সংবাদদাতা আছিল । ১৯৫০ চনত তেওঁ জামুগুৰি হাই স্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰাৰ পিছত ১৯৫৩ চনত তেওঁ শিৱসাগৰ কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰি ১৯৮৫ চনত কলেজখনৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । সৰুৰে পৰাই তেওঁ সাহিত্য সাধনাত ব্ৰতী হৈছিল । পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ হাতেলিখা আলোচনী সম্পাদনা কৰিছিল । তেওঁৰ একমাত্ৰ উপন্যাস ‘ভৰলীৰ পাৰে পাৰে’ । কবিতা পুথি মন্বন্তৰ, চিৰন্তন আদি । সমালোচনামূলক গ্ৰন্থ সাহিত্যৰ পটভূমি, পাশ্চাত্য সাহিত্যত এভুমুকি আদি । তেওঁ এগৰাকী ভাল অনুবাদকো আছিল । কুমাৰী পৃথিৱী, প্ৰেম আৰু শংকাৰে তেওঁৰ অনূদিত গ্ৰন্থ । ১৯৮৬ চনত কামপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০০২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিক, সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা সুৰেন মহন্তৰ ওপজা দিন । ১৯৪৯ চনৰ আজিৰ দিনটোতে তেজপুৰৰ গটঙাত তেওঁৰ জন্ম হৈছিল । মুখ্যতঃ তেওঁ আছিল এগৰাকী মঞ্চাভিনেতা । অসমৰ মঞ্চ জগতত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন জয় কৰা অপ্ৰতিদ্বন্দ্বী অভিনেতাগৰাকীক মঞ্চ সম্ৰাট উপাধিৰে বিভূষিত কৰা হয় । প্ৰায় ত্ৰিশ বছৰ কাৰ তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখনৰ সৈতে জড়িত হৈ আছিল । মঞ্চৰ উপৰি তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰতো অভিনয় কৰিছিল । দূৰণিৰ ৰং, সোণমইনা, বংশধৰ, ফেঁহুজালি, বহ্নিমান আদি কেইবাখনো চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল । অভিনেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কণ্ঠশিল্পী তাৰিকুদ্দিন আহমেদৰ ওপজা দিন । ১৯২৩ চনৰ আজিৰ দিনটোতে নগাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী কণ্ঠশিল্পী তথা সংগীত পৰিচালক আছিল । কমলানন্দ ভট্টাচাৰ্যৰ ‘মোৰে ফুলনিতে উৰহি পখিলী, ফুলতে পাখি লগাই’ গীতটিৰে তেওঁ শ্ৰোতাৰ মাজত প্ৰথম পৰিচিত হয় । ১৯৪৮ চনত কলম্বিয়া কোম্পানীয়ে বাণীবদ্ধ কৰা মলিন বৰা ৰচিত আৰু দুৰ্গাপ্ৰসাদ ভূঞাৰ দ্বাৰা সুৰাৰোপিত ‘ইমান ধুনীয়া মুকুতাৰ মালা ক’ত পালা তুমি দান’ গীতটিৰে তেওঁ জনপ্ৰিয় হৈ পৰে । ১৯৫৪ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি লাভ কৰে ।১৯৫৯ চনত মুক্তি লাভ কৰা ‘পূবেৰুণ’ চলচ্চিত্ৰখনৰ তেওঁ সংগীত পৰিচালনা কৰিছিল । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কবি সনন্ত তাঁতিৰ ওপজা দিন । ১৯৫২ চনৰ আজিৰ দিনটোতে কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল । তেওঁ ১৯৭১ চনত অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ কৰ্মচাৰী হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনত জ্যেষ্ঠ জনসংযোগ বিষয়া আৰু অৱশেষত উপ-ভৱিষ্যনিধি আয়ুক্ত হিচাপে ২০১২ চনত অৱসৰ গ্ৰহণ কৰে । তেওঁ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ মনোনীত সদস্য, আকাশবাণী গুৱাহাটীৰ উপদেষ্টা সমিতিৰ সদস্য, সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সদস্য আদি বিভিন্ন বিষয়বাবতো কাৰ্যনিৰ্বাহ কৰিছিল । ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ নামৰ কাব্যগ্ৰন্থৰ বাবে তেওঁ ২০১৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০১৭ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । উজ্জ্বল নক্ষত্ৰৰ সন্ধানত, মই মানুহৰ অমল উৎসৱ, মৃত্যুৰ আগৰ ষ্টপেজত আদি তেওঁৰ জনপ্ৰিয় কাব্যগ্ৰন্থ । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ ওপজা দিন । ১৯৫৪ চনৰ আজিৰ দিনটোতে শ্বিলঙত তেওঁৰ জন্ম হৈছিল । তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ শোণিত কুঁৱৰী নাটকত কুঁজী বুঢ়ীৰ চৰিত্ৰত অভিনয় কৰিছিল । তেজপুৰৰ বাণ থিয়েটাৰত তেওঁ চন্দ্ৰধৰ গোস্বামী, ফণী শৰ্মা, বিষ্ণু ৰাভা আদিৰ সৈতে একেলগে চিৰাজ, চাণক্য, নাগৰাজ বাসুকী, মহীজীৱী আদি নাটকত অভিনয় কৰিছিল । তদুপৰি শুনা জন্মেজয়, এটি চোলাৰ কাহিনী, মহাৰজা, ভোটাই ডেকা আদি বিখ্যাত নাটকত তেওঁ অভিনয় কৰিছিল । আকাশবাণী গুৱাহাটীৰ গোৱৰ্ধন চৰিত আৰু মইনা সংবাদ নাটকত তেওঁ কৰা অভিনয় আজিও শ্ৰোতাৰ মনত ৰৈ গৈছে । তদুপৰি তেওঁ বনৰীয়া ফুল, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, অগ্নিস্নান, অদাহ্য, ফিৰিঙতি আদি অনেক চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছে । অভিনেত্ৰীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।