VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
November 6, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
64
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক যতীন্দ্ৰনাথ গোস্বামীৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী সাহিত্য সমালোচক তথা জীৱনীকাৰ । সামৰিক অভিযান্ত্ৰিক সেৱাত কেৰাণীৰ চাকৰিৰে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ ১৯৪৫ চনত শিক্ষকতাৰ বৃত্তিক আকোৱালি লয় । শ্বিলং লাবান বয়জ স্কুল, তুৰা চৰকাৰী হাইস্কুল, ডিব্ৰুগড় চৰকাৰী হাইস্কুল আৰু যোৰহাট নৰ্মাল স্কুলত চাকৰি কৰাৰ পিছত কানৈ কলেজত যোগদান কৰে । অৱশেষত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই ১৯৮০ চনত অৱসৰ গ্ৰহণ কৰে । তেওঁ অসম কলেজ শিক্ষক সন্থাৰ সভাপতিও আছিল । দস্যু সম্ৰাট, মৌচাক, অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী, সাহিত্য চিন্তা আদি তেওঁৰ প্ৰকাশিত পুথি । নামদেৱ তেওঁৰ অনূদিত গ্ৰন্থ । ১৯৮০ চনত ৰহাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৯৭ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ২০০৫ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি লেখক, সমালোচক মুনীন বৰকটকীৰ স্মৃতি দিৱস । তেওঁ শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি পিছত কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ উচ্চ পদস্থ বিষয়া হৈছিল । তেওঁ প্ৰেছ ইনফৰমেচন ব্যুৰো আৰু আকাশবাণীৰ বাৰ্তাসম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । জীৱনকালত তেওঁৰ এখনহে গ্ৰন্থ প্ৰকাশ হৈছিল যদিও পিছত তেওঁৰ পত্নী ৰেণুকা দেৱী বৰকটকীয়ে মুনীন বৰকটকী স্মাৰক ন্যাস গঠন কৰি তেওঁৰ অন্যান্য গ্ৰন্থসমূহ প্ৰকাশ কৰে । বিস্মৃত ব্যতিক্ৰম, বন্দিত বৰেণ্য, প্ৰসংগ সমালোচনা আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯৩৯ চনত তেওঁ বাঁহী আলোচনীৰ সহযোগী সম্পাদক হৈছিল । তেওঁ দৈনিক অসমীয়া আৰু দ্য আছাম ট্ৰিবিউন কাকততো সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগতো কেইবছৰমান শিক্ষাদান কৰিছিল । ১৯৯৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্য সমালোচকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট ভাষা বিজ্ঞানী ডঃ ভগৱান চন্দ্ৰ মৰলৰ ওপজা দিন । ১৯৩৪ চনৰ আজিৰ দিনটোতে শুৱালকুছিত তেওঁৰ জন্ম হৈছিল । তেওঁ অসমীয়া ভাষাৰ শব্দাৰ্থ তত্ত্ব সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । তেওঁ প্ৰথমতে শুৱালকুছি হাইস্কুল, শুৱালকুছি বালিকা হাইস্কুল আৰু গুৱাহাটীৰ ডনবস্ক’ হাইস্কুলত শিক্ষকতা কৰাৰ পিছত ১৯৫৯ চনত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে । ১৯৬২ চনত তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰি ১৯৯৪ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ ১৯৭৯ চনত অসম ভাষা বিজ্ঞান সমিতি গঠনত আগভাগ লৈছিল আৰু তাৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল । অসমীয়া ব্যাকৰণ জ্যোতি, আধুনিক ভাষা বিজ্ঞান, অসমীয়া ভাষাৰ স্বতন্ত্ৰতা আদি তেওঁৰ ভাষা বিষয়ক গ্ৰন্থ । প্ৰেমাঞ্জলি আৰু সুৰ নিজৰা তেওঁৰ কবিতা পুথি । তেওঁ কামৰূপ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান ‘কামৰূপ ৰত্ন’ লাভ কৰে । ভাষা বিজ্ঞানীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি সংগীত পৰিচালক, চিত্ৰশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা শ্বেৰ চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ প্ৰথম ৰাগিনী চলচ্চিত্ৰৰ কলা আৰু সংগীত পৰিচালনা কৰিছিল আৰু চলচ্চিত্ৰখনৰ মুখ্য সহকাৰী পৰিচালকো আছিল । ১৯৮৯ চনত তেওঁ কাৰ্বি ভাষাৰ চলচ্চিত্ৰ ৱশ্ব’বিপোৰ সংগীত পৰিচালনাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । তেওঁ হলধৰ, মীমাংসা, অদাহ্য, ৰাগ-বিৰাগ, অহিৰ ভৈৰৱ আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । তদুপৰি তেওঁ কেইবাখনো টেলিফিল্ম আৰু দূৰদৰ্শন ধাৰাবাহিকৰো সংগীত পৰিচালনা কৰিছিল । তেওঁ চিত্ৰনাট্য ৰচনা কৰা আৰু সংগীত পৰিচালনা কৰা ছাউণ্ড অব ডায়িং কালাৰ্ছ নামৰ তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । ২০১৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সংগীত পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

পতি-পত্নীৰ সম্বোধনবোৰ কিমান মধুৰ। অঞ্চল ভেদে প্ৰয়োগ হোৱা বেলেগ বেলেগ শব্দবোৰৰ বিষয়ে জানো আহক

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পতি-পত্নীৰ সম্বোধনবোৰ কিমান মধুৰ। অঞ্চল ভেদে প্ৰয়োগ হোৱা বেলেগ বেলেগ শব্দবোৰৰ বিষয়ে জানো আহক

পতি-পত্নীৰ সম্বোধনবোৰ কিমান মধুৰ। অঞ্চল ভেদে প্ৰয়োগ হোৱা বেলেগ বেলেগ শব্দবোৰৰ বিষয়ে জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7