আজি বিশিষ্ট সাহিত্যিক কুমুদেশ্বৰ বৰঠাকুৰৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী শিশু-সাহিত্যিক, জীৱনীকাৰ, কবি তথা অনুবাদক । কিন্তু তেওঁ ৰহস্য কাহিনীৰ ৰচক হিচাপেহে অধিক খ্যাত । তেওঁ বিদ্যালয়ৰ উপ-পৰিদৰ্শক পদত কাৰ্যনিৰ্বাহ কৰাৰ উপৰি কিছুদিন শিক্ষকতাও কৰিছিল । তেওঁ ১৯৪৫ চনৰ পৰা জনপ্ৰিয় ৰহস্য কাহিনীলানি গোলাই ছিৰিজ প্ৰকাশ কৰিছিল । তেওঁ এই ছিৰিজত প্ৰায় ৭০ খন ৰহস্য উপন্যাস লিখি থৈ গৈছে । আনহাতে ১৯৩৫ চন মানত তেওঁ O, I, C এই তিনিটা চিহ্নৰে বৰ্ণমালা আৰু ভাষা শিকোৱাৰ এক অভিনৱ কৌশল আৱিষ্কাৰ কৰি সেইসময়ত নাগপুৰ, মেদিনীপুৰ, কলিকতা আদি বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা কেইবাখনো সন্মিলনত ভূয়সী প্ৰশংসিত হৈছিল । এই পদ্ধতিটো তেওঁ নিজৰ নামত পেটেণ্ট কৰাইছিল যদিও পিছলৈ ই বিলুপ্ত হৈ পৰে । অসমীয়া মানুহৰ মাজত কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়াবলৈ তেওঁ এক পুথিভঁৰাল আন্দোলনো গঢ়ি তুলিছিল । তেওঁ চকা লগোৱা এটা আলমাৰীৰে পৰমানন্দ পুথিভঁৰাল আৰম্ভ কৰিছিল । তেওঁ ‘পাহাৰ ভৈয়াম মিতিৰ সংঘ’ স্থাপন কৰি সম্প্ৰীতি বঢ়োৱাৰ চেষ্টা কৰিছিল । সদৌ অসম পেঞ্চনাৰ সংস্থাৰো তেওঁ এজন গুৰি ধৰোতা আছিল । ১৯৬৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট গীতিকাৰ আলিমুন্নিছা পিয়াৰৰ স্মৃতি দিৱস । অনেক জনপ্ৰিয় গীতৰ স্ৰষ্টা আছিল তেওঁ । বিশিষ্ট কণ্ঠশিল্পী পাৰবিন চুলতানাৰ কণ্ঠৰ ‘খোজ লাহেকৈ দিবি সখী’ গীতটো তেওঁৰ এটি অন্যতম জনপ্ৰিয় গীত । তেওঁ আকাশবাণীৰ এগৰাকী স্বীকৃত গীতিকাৰ আছিল । তেওঁ পূবেৰুণ আদি একাধিক চলচ্চিত্ৰৰ বাবেও গীত ৰচনা কৰিছিল । ২০০৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।