VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
November 12, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট গান্ধীবাদী সমাজকৰ্মী অমলপ্ৰভা দাসৰ ওপজা দিন । ১৯১১ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল প্ৰায়োগিক ৰসায়ন বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা । তেওঁ ব্ৰিটিছ চৰকাৰৰ অধীনৰ কটন কলেজত শিক্ষকতা কৰাৰ প্ৰস্তাৱ পাইছিল যদিও ব্ৰিটিছৰ অধীনত চাকৰি নকৰাৰ পণেৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল । ১৯৩৪ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে গুৱাহাটীৰ তেওঁলোকৰ ঘৰত আশ্ৰয় লৈছিল । গান্ধীজীৰ এই সান্নিধ্যই তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল । তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত মাতৃ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল, যি পিছলৈ কস্তুৰবা আশ্ৰম নামেৰে জনাজাত হয় । তেওঁ গ্ৰাম সেৱিকা বিদ্যালয়, কস্তুৰবা কল্যাণ কেন্দ্ৰ, গৌহাটী কটাই মণ্ডল, গুৱাহাটী যুৱক সেৱা দল আৰু গো-সেৱা সমিতি আদি কেইবাটাও প্ৰতিষ্ঠানৰ জন্ম দিছিল । ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । তেওঁ আছিল এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা । সমাজকৰ্মীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট ভাষাবিদ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ স্মৃতি দিৱস । তেওঁ অসমীয়া আৰু বড়ো ভাষা-সাহিত্য-সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে । তেওঁ আছিল বড়ো ভাষাৰ প্ৰথমজন গৱেষক । তেওঁ ইণ্ডো-তিব্বতীয় ভাষাৰো গৱেষক আছিল । তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজৰ অধ্যক্ষ আছিল । গুৱাহাটী বিশ্ববিদ্যালয়তো অংশকালীন অধ্যাপক হিচাপে যোগদান কৰিছিল । তেওঁ দৈনিক অসমীয়া আৰু নতুন অসমীয়া কাকত দুখনৰো সম্পাদক আছিল । তেওঁ কেইবাখনো মূল্যবান গ্ৰন্থ লিখি থৈ গৈছে । অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । তেওঁ বডোফা উপেন ব্ৰহ্ম বঁটাও লাভ কৰে । ২০১৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । গৱেষকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট মুখা শিল্পী ৰেৱকান্ত মহন্তৰ স্মৃতি দিৱস । অসমৰ মুখা শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ২০১৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট অভিনেতা মহানন্দ শৰ্মাৰ ওপজা দিন । ১৯৩৫ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ পানীগাঁৱত তেওঁৰ জন্ম হয় । তেওঁ আছিল এগৰাকী অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ তথা নাট পৰিচালক । মুগকুছি নাট্য সমিতিত অভিনয় জীৱনৰ পাতনি মেলি তেওঁ অসমৰ প্ৰায়কেইখন আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰতে অভিনয় কৰিছিল । তেওঁ অভিনয় কৰা কাবুলীৱালাৰ চৰিত্ৰটো নাট্যপ্ৰেমীৰ আজিও মনত আছে ।তেওঁ অপৰূপা থিয়েটাৰ নামৰ এখন থিয়েটাৰো প্ৰযোজনা কৰিছিল । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

কোনে মাৰিব শেষ হাঁহিঃ আজি হিমাচলত ভোটযুদ্ধ

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
কোনে মাৰিব শেষ হাঁহিঃ আজি হিমাচলত ভোটযুদ্ধ

কোনে মাৰিব শেষ হাঁহিঃ আজি হিমাচলত ভোটযুদ্ধ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7