আজি বিশিষ্ট ভাষাবিদ বাণীকান্ত কাকতিৰ ওপজা দিন তথা স্মৃতি দিৱস । ১৮৯৪ চনৰ আজিৰ দিনটোতে বৰপেটা জিলাৰ বাটিকুৰিহাত তেওঁৰ জন্ম হৈছিল । তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কটন কলেজত অধ্যাপনা কৰিবলৈ লয় আৰু পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে । তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমগৰাকী অধ্যাপক । কটন কলেজত অধ্যাপনা কৰি থাকোঁতে তেওঁ ডঃ সুনীতি কুমাৰ চেটাৰ্জীৰ তত্বাৱধানত অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে । কোনো ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া । Assamese : It’s Formation and Development হ’ল তেওঁৰ এখন অতি মূল্যবান গ্ৰন্থ । তদুপৰি পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা আদি তেওঁৰ আন আন উল্লেখযোগ্য গ্ৰন্থ । ১৯৫২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । ভাষাবিদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি ভাষাতত্ত্ববিদ ডঃ গোলোকচন্দ্ৰ গোস্বামীৰ ওপজা দিন । ১৯২৩ চনৰ আজিৰ দিনটোতে তেওঁ মৰিগাঁও জিলাৰ দৈপাৰা সত্ৰত জন্ম লাভ কৰিছিল । অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব আদি বিষয়ত তেওঁ বিশেষ বৰঙণি দি থৈ গৈছে । An Introduction to Assamese Phonology হ’ল তেওঁৰ এখন আপুৰুগীয়া গ্ৰন্থ । তেওঁ তিনি কুৰিৰো অধিক মূল্যবান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । তেওঁ নতুন অসমীয়া নামৰ দৈনিক বাতৰি কাকতখনৰ জ্যেষ্ঠ উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পিছলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি ১৯৮৫ চনত অৱসৰ গ্ৰহণ কৰে । ধ্বনিবিজ্ঞানৰ ভূমিকা, অসমীয়া বৰ্ণপ্ৰকাশ, অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ভাষাবিদগৰাকীলৈ আমাৰ প্ৰণাম ।