আজি বিশিষ্ট সাহিত্যিক বেণুধৰ শৰ্মাৰ ওপজা দিন । ১৮৯৪ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ চাৰিঙত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে এগৰাকী সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, মুক্তিযোদ্ধা তথা বুৰঞ্জীবিদ । তেওঁ কিছুদিন শিৱসাগৰৰ ফুলেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু যোৰহাটৰ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল । তেওঁ অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদক আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত তৰুণ অসম কাকতৰ সম্পাদক আছিল । তেওঁৰ কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত নামৰ গ্ৰন্থখনৰ বাবে তেওঁ ১৯৬০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁ আছিল সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া । দূৰবীণ, ৰাংপতা, অসমত ইছলামৰ সূত্ৰপাত, আহোমৰ দিনৰ বিদ্যা আদি তেওঁৰ ৰচিত গ্ৰন্থ । ১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । মৰণোত্তৰভাৱে তেওঁক ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা আব্দুল মজিদৰ ওপজা দিন । ১৯৩২ চনৰ আজিৰ দিনটোতে যোৰহাটৰ পুৰণি বালিবাটত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু নাট্যকাৰো আছিল । ৰঙা পুলিচ চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ এই জগতখনত প্ৰৱেশ কৰে । তেওঁ মুঠ ছখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল । খলনায়ক হিচাপে তেওঁ বিশেষ প্ৰসিদ্ধি লাভ কৰিছিল । তেওঁ মৰমতৃষ্ণা, চামেলি মেমচাব, বনহংস আদি চলচ্চিত্ৰ পৰিচালনা কৰিছিল । চামেলি মেমচাবে আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । তেওঁ পূজা, সূৰুয, সেন্দূৰ, পিতা-পুত্ৰ আদি চলচ্চিত্ৰত অভিনয় কৰিছিল । তেওঁ বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।