VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
November 18, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

আজি বিহগী কবি ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিৱস । অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এই কবিগৰাকীৰ কবিতাত প্ৰকৃতি আছিল মূল উপজীব্য । তেওঁ এগৰাকী মুক্তিযোদ্ধাও আছিল । বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য সংগঠনৰ সৈতেও তেওঁ জড়িত আছিল । গুৱাহাটীৰ প্ৰগতি সংঘ আৰু সবিতা সভাৰ তেওঁ অন্যতম প্ৰতিষ্ঠাপক আছিল । তেওঁৰ সৰহভাগ কবিতা জোনাকী, বাঁহী আদি আলোচনীত প্ৰকাশ পাইছিল । সাদৰী তেওঁৰ প্ৰথম কবিতা পুথি । তেওঁৰ আন দুখন কবিতা পুথি হ’ল কাৰবালা আৰু দহিকতৰা । নৱমল্লিকা তেওঁৰ কথা-কবিতা । কৰণি নামৰ এখন অপ্ৰকাশিত গল্প পুথিও আছিল । তেওঁ সত্যনাথ বৰা সম্পাদিত জোনাকীৰ সহকাৰী সম্পাদক আছিল । তদুপৰি মইনা, জয়ন্তী আৰু সুৰভিৰ সম্পাদনা কৰিছিল ।ন্যায়াধীশ হলিৰাম ডেকাই তেওঁক বিহগী কবি আখ্যা দিয়ে । ১৯৪৮ চনত তেওঁ শান্তি পৰিষদৰ অসম শাখাৰ সভাপতি নিৰ্বাচিত হৈছিল আৰু ১৯৫২ চনত কলিকতাত অনুষ্ঠিত সৰ্বভাৰতীয় শান্তি পৰিষদৰ অধিৱেশনত তেওঁ কৃষ্টি শাখাৰ সভাপতি আছিল । ১৯৩৬ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ভাৰত চৰকাৰে তেওঁক সাহিত্যক পেঞ্চন প্ৰদান কৰিছিল । ১৯৬৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট বিজ্ঞানী জিতেন্দ্ৰনাথ গোস্বামীৰ ওপজা দিন । ১৯৫০ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ তেওঁ মুখ্য বিজ্ঞানী আছিল । এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণৰ গুৰু দায়িত্ব তেওঁ পালন কৰিছিল । তেওঁ চন্দ্ৰযান-২ৰ সৈতেও জড়িত আছিল । ছাত্ৰ হিচাপে তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি কৰে । পিএইছডিৰ পিছত তেওঁ বিভিন্ন সময়ত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৱাশ্বিংটন বিশ্ববিদ্যালয়, হাষ্টন লুনাৰ এণ্ড প্লেনেটৰী ইনষ্টিটিউট আৰু মেক্সপ্লাংক ইনষ্টিটিউটত সৌৰজগত, পৃথিৱী আৰু গ্ৰহ বিজ্ঞানৰ বিষয়ে গৱেষণা কৰিছিল । তেওঁ ১৯৯৪ চনত শান্তি স্বৰূপ ভাটনগৰ বঁটাকে ধৰি অনেক সন্মান লাভ কৰে । অসম চৰকাৰে তেওঁক সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন প্ৰদান কৰে । ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে । বিজ্ঞানীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।

আজি ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওপজা দিন । ১৯৫৪ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত তেওঁৰ জন্ম হয় । তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া । ২০১৮ চনৰ ৩ অক্টোবৰত তেওঁ ভাৰতৰ এই সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হয় । বৰ্তমান তেওঁ ৰাজ্যসভাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত সদস্য । তেওঁৰ পিতৃ আছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ । বিশিষ্ট ব্যক্তিগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।

Previous Post

ডায়েট কণ্ট্ৰল কৰাৰ পিছতো ওজন বৃদ্ধি হৈ আছে নেকি ? ওজন বৃদ্ধিৰ কাৰণ জানো আহক

Next Post

সকলো সন্ত্ৰাসবাদী আক্ৰমণ সমানে প্ৰত্যুত্তৰৰ যোগ্য – প্ৰধানমন্ত্ৰী মোদী

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
সকলো সন্ত্ৰাসবাদী আক্ৰমণ সমানে প্ৰত্যুত্তৰৰ যোগ্য – প্ৰধানমন্ত্ৰী মোদী

সকলো সন্ত্ৰাসবাদী আক্ৰমণ সমানে প্ৰত্যুত্তৰৰ যোগ্য – প্ৰধানমন্ত্ৰী মোদী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7