VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
November 24, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

আজি মহাবীৰ লাচিত বৰফুকনৰ ওপজা দিন । ১৬২২ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল আহোম সাম্ৰাজ্যৰ নৱমগৰাকী ফুকনলূং বা বৰফুকন । ১৬৭১ চনত গুৱাহাটীৰ শৰাইঘাটত মোগল বাহিনীৰ বিৰুদ্ধে লগা তয়া-ময়া ৰণত সেনাপতি হিচাপে আহোম সেনাৰ নেতৃত্ব দি তেওঁ মোগলক শোচনীয়ভাৱে পৰাস্ত কৰিছিল । যুদ্ধৰ সময়ত তেওঁৰ গাত তীব্ৰ জ্বৰ আছিল আৰু নৰীয়া গাৰেই তেওঁ যুদ্ধ কৰিছিল । যুদ্ধ জয়ৰ কিছুদিন পিছতেই তেওঁৰ মৃত্যু হয় । যোৰহাটৰ হোলোঙাপাৰত জাতীয় বীৰগৰাকীৰ মৈদাম আছে । বীৰগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ওপজা দিন । ১৮৬৭ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । ১৮৯০ চনত তেওঁ গুৱাহাটীৰ উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণীৰ চাকৰিৰে কৰ্মজীৱনৰ পাতনি মেলি ১৮৯১ চনত ছাব ডেপুটী কালেক্টৰ হয় । গেইট চাহাবে History of Assam গ্ৰন্থখন লিখোঁতে তেওঁ নানা সমল গোটাই দিছিল । তেওঁ অসমৰ বিভিন্ন ঠাইলৈ বদলি হৈ ১৯০৯ চনত নগাঁৱৰ উপায়ুক্ত হয় । ১৯১৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে । ছাত্ৰাৱস্থাত তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সৈতে জড়িত হয় । তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত মিৰি জীয়ৰী, মনোমতী, নিৰ্মল ভকত আদি অন্যতম । গা ধন, প্ৰেমৰ উপাসক আদি তেওঁৰ গল্পপুথি । অন্যান্য গ্ৰন্থ জ্ঞান-সপোন, মনোবিজ্ঞান আদি । ভোলাই শৰ্মা নামেৰে তেওঁ অনেক ধেমেলীয়া ৰচনাও লিখিছিল । তেওঁ অসম প্ৰদীপিকা (১৯২৫) নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল । ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ওপজা দিন । ১৯৭১ চনৰ আজিৰ দিনটোতে উত্তৰ লক্ষীমপুৰৰ নকাড়ী গাঁৱত তেওঁৰ জন্ম হয় । তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ তথা সাংবাদিক । কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এ ডিগ্ৰী লৈ তেওঁ কোহিমা মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ প্ৰধান শিক্ষক হিচাপে নিযুক্ত হয় । কোহিমাত থাকোতেই তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু কোহিমা সাহিত্য সভা প্ৰতিষ্ঠা কৰে । পিছলৈ তেওঁ তেজপুৰৰ নৰ্মাল স্কুল, তেজপুৰ চৰকাৰী হাইস্কুল, যোৰহাট চৰকাৰী হাইস্কুল আদিত কাম কৰে । ১৯১৭ চনত অসম চৰকাৰে তেওঁক দ্বিতীয় শ্ৰেণীৰ আৰু ১৯৪১ চনত প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হিচাপে নিযুক্তি দিয়ে । তেতিয়াৰ ব্ৰিটিছ চৰকাৰে তেওঁক ৰায় চাহাব আৰু ৰায় বাহাদুৰ উপাধি প্ৰদান কৰে । কলিকতাত পঢ়ি থাকোঁতে তেওঁ জোনাকী আলোচনীৰ সংস্পৰ্শলৈ আহে । পিছলৈ তেওঁ বিজুলী আলোচনীৰ সম্পাদক হয় । তেওঁ আসাম বন্তি আৰু ঊষা আলোচনীৰো সম্পাদনা কৰে । তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৩০ খন । তেওঁ ৰচনা কৰা ভানুমতী অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস । ১৯০৬ চনত ইংৰাজ চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন প্ৰদান কৰে । সাহিত্যিক পেঞ্চন লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া সাহিত্যিক । ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । এইগৰাকী মহান সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি কবি, গীতিকাৰ গীতা হাতীকাকতিৰ স্মৃতি দিৱস । তেওঁ আকাশবাণীৰ স্বীকৃত গীতিকাৰ আছিল । সাত বছৰ বয়সতে তেওঁ বনগুটি আৰু আকাশ নামৰ দুটা কবিতা লিখিছিল । এখনি পানচৈ উটি যাওঁ আহা, তৰাৰ আখৰে কবিতা লিখি, অ পৰিণীতা তোৰ হেনো বিয়া, নিলগতে থাকা নাহিবা কাষলে আদি তেওঁৰ জনপ্ৰিয় গীত ।তেওঁ গীত, গল্প, কবিতাকে ধৰি বিভিন্ন বিষয়ৰ ঊনৈশখন গ্ৰন্থ লিখি থৈ গৈছে । আমাৰ সোণসেৰীয়া গীতৰ গীতিকাৰসকল তেওঁৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ । ২০০৪ চনত তেওঁ সাহিত্যিক পেঞ্চন লাভ কৰে । ২০১৬ চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটাৰে সন্মানিত কৰে । ২০২০ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

আঠুৰ বিষত কষ্ট পাই আছে নেকি ? কি কাৰণত আঠুৰ বিষ হয় জানেনে বাৰু ?

Next Post

দোকানত গ্ৰাহক নথকা অৱস্থাত কিতাপ পঢ়ি ভালপোৱা এজন পঢ়ুৱৈ

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
দোকানত গ্ৰাহক নথকা অৱস্থাত কিতাপ পঢ়ি ভালপোৱা এজন পঢ়ুৱৈ

দোকানত গ্ৰাহক নথকা অৱস্থাত কিতাপ পঢ়ি ভালপোৱা এজন পঢ়ুৱৈ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7