VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
November 29, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

আজি ৰাজনীতিক, সমাজকৰ্মী ৰেণুকা দেৱী বৰকটকীৰ ওপজা দিন । ১৯৩২ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ উজানবজাৰত তেওঁৰ জন্ম হৈছিল । সৰুৰে পৰাই তেওঁ ৰাজনীতিৰ প্ৰতি আকৃষ্ট আছিল । কটনত পঢ়ি থাকোঁতে তেওঁ যুৱ কংগ্ৰেছত যোগদান কৰে । ১৯৬২ চনত তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সাংসদ নিৰ্বাচিত হয় । ১৯৭২ চনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হয় । ১৯৭৭ চনত জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হয় । তেওঁ মোৰাৰজী দেশাই চৰকাৰত শিক্ষা, সমাজ কল্যাণ আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে । কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া মহিলা । তেওঁ ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটীৰ অসম শাখাৰ সম্পাদক আৰু ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰী আছিল । তেওঁ সাহিত্যিক মুনীন বৰকটকীৰ পত্নী আছিল । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ প্ৰমথেশ বৰুৱাৰ স্মৃতি দিৱস । অসমৰ গৌৰীপুৰত জন্ম লাভ কৰা প্ৰমথেশ বৰুৱাই বাংলা আৰু হিন্দী চলচ্চিত্ৰ জগতত বিশেষ স্থান দখল কৰিছিল । ১৯২৪ চনত কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী আহৰণ কৰি ইউৰোপ ভ্ৰমণলৈ গৈ তাত চলচ্চিত্ৰৰ জ্ঞান আৰু অভিজ্ঞতা অৰ্জন কৰে । তেওঁৰ অমৰ কৃতি দেৱদাস । চলচ্চিত্ৰখন প্ৰথমতে বাংলা ভাষাত নিৰ্মাণ কৰা হৈছিল আৰু তেওঁ নিজে নায়কৰ অভিনয় কৰিছিল । পিছত ১৯৩৬ চনত তেওঁ কুন্দনলাল চাইগালক নায়ক হিচাপে লৈ হিন্দী ভাষাতো চলচ্চিত্ৰখনৰ মুক্তি দিয়ে । তেতিয়ালৈ চলি থকা পৌৰাণিক কাহিনীৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণৰ পৰম্পৰা ভংগ কৰি বাস্তৱিক কাহিনীৰে নিৰ্মাণ কৰা দেৱদাস আছিল বক্স অফিচ হিট হোৱা প্ৰথমখন হিন্দী চলচ্চিত্ৰ । তাৰ পিছত তেওঁ মঞ্জিল, মুক্তি, অধিকাৰ আদি চলচ্চিত্ৰ পৰিচালনা কৰে । ১৯৫২ চনৰ আজিৰ দিনটোতে মাথোঁ ৪৮ বছৰ বয়সতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱস । তেওঁৰ প্ৰকৃত নাম আছিল ডঃ ইন্দিৰা গোস্বামী । তেওঁ ইংৰাজী আৰু অসমীয়া উভয় ভাষাতেই সাহিত্য ৰচনা কৰিছিল । মাধৱ কন্দলিৰ ৰামায়ণৰ বিষয়ে গৱেষণা কৰি তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেওঁ দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে । অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, আধালিখা দস্তাবেজ আদি তেওঁৰ জনপ্ৰিয় উপন্যাস । ১৯৮২ চনত তেওঁ মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৮৮ চনত লাভ কৰে অসম সাহিত্য সভা বঁটা । ২০০০ চনত দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে । তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া । ২০১৬ চনত অসম চৰকাৰে মৰণোত্তৰভাৱে অসম-ৰত্ন বঁটা প্ৰদান কৰে । ২০১১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

বাথৰুমত এই কেইটা কাম কৰে নেকি ? ভুলতেও নকৰিব ,কৰিলে বিপদত পৰিব

Next Post

সপ্তাহত চাৰিদিনকৈ কাম কৰিয়েই সম্পূর্ণ দৰমহা লাভ কৰিব কর্মচাৰীয়ে, কোনদেশত গ্ৰহণ কৰা হৈছে এই নতুন নিয়ম ?

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
সপ্তাহত চাৰিদিনকৈ কাম কৰিয়েই সম্পূর্ণ দৰমহা লাভ কৰিব কর্মচাৰীয়ে, কোনদেশত গ্ৰহণ কৰা হৈছে এই নতুন নিয়ম ?

সপ্তাহত চাৰিদিনকৈ কাম কৰিয়েই সম্পূর্ণ দৰমহা লাভ কৰিব কর্মচাৰীয়ে, কোনদেশত গ্ৰহণ কৰা হৈছে এই নতুন নিয়ম ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7