আজি বিশিষ্ট কূটনীতিক তথা ৰাজনীতিক বিজয়লক্ষ্মী পণ্ডিতৰ ওপজা দিন । তেওঁ আছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ হোৱা প্ৰথমগৰাকী ভাৰতীয় । ১৯৫৩ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ১৯৫৪ চনৰ ২১ ছেপ্টেম্বৰলৈ তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ আছিল । ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ক্ৰমে লণ্ডন, ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত নিযুক্ত হৈছিল । ১৯৬২ চনৰ ২৮ নৱেম্বৰৰ পৰা ১৯৬৪ চনৰ ১৮ অক্টোবৰলৈ তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈ তেওঁ লোকসভাৰ সাংসদ আছিল । ১৯৯০ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।