আজি প্ৰখ্যাত নৃত্যশিল্পী উদয় শংকৰৰ ওপজা দিন । ১৯০০ চনৰ আজিৰ দিনটোতে তেওঁ ব্ৰিটিছ ভাৰতৰ উদয়পুৰ ৰাজ্যৰ (ৰাজস্থান) উদয়পুৰত জন্ম লাভ কৰিছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল উদয় শংকৰ চৌধুৰী । তেওঁ এগৰাকী নৃত্য পৰিচালক তথা অভিনেতাও আছিল । তেওঁ লণ্ডন আৰু ৰোমত নৃত্যকলাৰ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যক ইউৰোপীয় থিয়েটাৰ শৈলীৰে সমন্বিত কৰিছিল । ১৯৪৮ চনত তেওঁ কল্পনা নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ আৰু পৰিচালনা কৰিছিল । প্ৰাচীন কামৰূপ নৃত্য সংঘৰ হৈ কলিকতাৰ গ্লোব থিয়েটাৰত তাণ্ডৱ নৃত্য প্ৰদৰ্শনত মুগ্ধ হৈ তেওঁ বিষ্ণু ৰাভাক ভূয়সী প্ৰশংসা কৰিছিল । ১৯৬০ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ১৯৭১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।