আজি বিশিষ্ট ঔপন্যাসিক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক বিৰিঞ্চি কুমাৰ বৰুৱাৰ স্মৃতি দিৱস । অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল । তেওঁ ভাৰতীয় ভাষা আয়োগৰ প্ৰতিষ্ঠাপক সদস্য আছিল । ভাৰতীয় ফিল্ম চেঞ্চৰ বোৰ্ডৰো সদস্য আছিল । তেওঁ কেইবাখনো অমূল্য গ্ৰন্থ লিখি থৈ গৈছে । তেওঁ বীণা বৰুৱা আৰু ৰাস্না বৰুৱা ছদ্মনামেৰেও লিখা-মেলা কৰিছিল । জীৱনৰ বাটত, সেউজী পাতৰ কাহিনীৰ উপৰি অসমৰ লোক-সংস্কৃতি, ভাৰত বুৰঞ্জী, অসমৰ সংস্কৃতিৰ ইতিহাস, ছুইজাৰলেণ্ড ভ্ৰমণ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । ‘অসমৰ লোক-সংস্কৃতি’ নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা (১৯৬৪) লাভ কৰিছিল । ১৯৬৪ চনৰ আজিৰ দিনটোতে তেওঁ এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিল । এইগৰাকী পুৰোধা ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গখৰ ওপজা দিন । তেওঁৰ সম্পূৰ্ণ নাম ভিনচেণ্ট উইলিয়াম ভেন গখ । তেওঁ আছিল এগৰাকী ওলন্দাজ চিত্ৰশিল্পী । ১৮৫৩ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডৰ জুণ্ডাৰ্টত তেওঁৰ জন্ম হৈছিল । প্ৰকৃতি, প্ৰাকৃতিক দৃশ্য, সূৰ্যমুখী ফুল, গমধানৰ খেতি আদি আছিল তেওঁৰ চিত্ৰৰ বিষয়বস্তু । দীৰ্ঘ বিষণ্ণতা আৰু অসুস্থতাৰ বাবে তেওঁ মাথোঁ ৩৭ বছৰ বয়সতে আত্মহত্যা কৰে । এই চমু জীৱনকালতে তেওঁ ২,১০০তকৈও অধিক চিত্ৰ আঁকে । নক্ষত্ৰখচিত নিশা, সূৰ্যমুখী, দুখ আদি তেওঁৰ উল্লেখযোগ্য চিত্ৰ । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।