VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 19, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

আজি সাহিত্যিক, শিক্ষাবিদ, সংগঠক শৰৎ চন্দ্ৰ গোস্বামীৰ স্মৃতি দিৱস । কলিকতা মেট্ৰপলিটান কলেজৰ পৰা বিএ পাছ কৰি তেওঁ ১৯০৮ চনত ডেপুটী ইন্সপেক্টৰ পদত নিযুক্ত হয় আৰু ১৯২৮ চনত তেওঁ অসম উপত্যকাৰ বিদ্যালয়সমূহৰ ইন্সপেক্টৰ হয় । তেওঁ জনশিক্ষাৰ বিশেষ বিষয়াৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৪৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক । ছাত্ৰাৱস্থাৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল । ১৯০৫ চনত জোনাকী আলোচনীত তেওঁৰ প্ৰথমটো চুটিগল্প প্ৰকাশ পাইছিল । তেওঁ গীত, কবিতা, শিশু-সাহিত্যও ৰচনা কৰিছিল । ‘পানিপথ’ তেওঁৰ একমাত্ৰ উপন্যাস । তেওঁ ইংৰাজী ভাষাতো প্ৰবন্ধ-পাতি লিখিছিল । ১৯৪৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট ঔপন্যাসিক, কবি, গল্পকাৰ ছৈয়দ আব্দুল মালিকৰ স্মৃতি দিৱস । ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ তেওঁ গোলাঘাট হাই স্কুলত শিক্ষকতা কৰি পিছলৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক হয় আৰু তাৰ পৰাই অৱসৰ লয় । তেওঁ কিছুদিন আবকাৰী পৰিদৰ্শক আৰু আকাশবাণীৰ অনুষ্ঠান সহকাৰী ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । আৱাহন আৰু বাঁহীত গল্প লিখিবলৈ আৰম্ভ কৰা ছৈয়দ আব্দুল মালিকে ২৫ খনৰো অধিক চুটিগল্পৰ সংকলন, প্ৰায় ষাঠিখন উপন্যাস, পাঁচখনৰো অধিক কবিতা সংকলন, বিছখন নাটক, তিনিখন শিশু-সাহিত্য আদিৰে অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰি থৈ গৈছে । তেওঁৰ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে তেওঁ ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁ ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ১৯৯৫ চনত শংকৰদেৱ বঁটা লাভ কৰে । ১৯৯৭ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ ভাৰতীয় গণনাট্য সংঘৰো সভাপতি আছিল । তদুপৰি তেওঁ সংগীত নাটক একাডেমী, নেচনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়া, ললিত কলা একাডেমী আদিৰ সৈতেও জড়িত আছিল । ২০০০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ ওপজা দিন । ১৯৩৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বে প্ৰেচিডেন্সীৰ নাদগাঁৱত তেওঁৰ জন্ম হৈছিল । ৰাজনীতি আৰু অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু আইনৰ স্নাতক পাটিলে আইনী বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯৬২ চনৰ পৰা তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ উপৰি ৰাজ্যসভা, লোকসভালৈ ক্ৰমে নিৰ্বাচিত হৈছিল । ২০০৪ চনত তেওঁ ৰাজস্থানৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে । ২০০৭ চনত তেওঁ দেশৰ দ্বাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ২০১২ চনলৈ পূৰ্ণ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰে । নেত্ৰীগৰাকীক যাচিলোঁ ওপজা দিনৰ ওলগ ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ফ্ৰান্সৰ পৰাজয়ৰ পাছতে অনুৰাগীৰ মাজত ক্ষোভ, ৰাজপথত চলালে তাণ্ডৱ- আৰক্ষীৰ লাঠীচালনা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
ফ্ৰান্সৰ পৰাজয়ৰ পাছতে অনুৰাগীৰ মাজত ক্ষোভ, ৰাজপথত চলালে তাণ্ডৱ- আৰক্ষীৰ লাঠীচালনা

ফ্ৰান্সৰ পৰাজয়ৰ পাছতে অনুৰাগীৰ মাজত ক্ষোভ, ৰাজপথত চলালে তাণ্ডৱ- আৰক্ষীৰ লাঠীচালনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7