আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হলিৰাম ডেকাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী সাহিত্যিকো আছিল । গুৱাহাটীত ওকালতিৰে তেওঁ কৰ্মজীৱনৰ পাতনি মেলি পিছত কলিকতাত ওকালতি কৰিবলৈ লয় । সেইসময়তে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অংশকালীন অধ্যাপক হিচাপেও নিযুক্ত হয় । ১৯৪৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হোৱাত তেওঁ প্ৰথমগৰাকী পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰে । ১৯৪৯ চনত তেওঁ যোৰহাটৰ ন্যায়াধীশ হিচাপে নিযুক্তি পায় । ১৯৫০ চনত অসমৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হয় আৰু এই পদত দহ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৬১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি এই ক্ষেত্ৰত প্ৰথমগৰাকী অসমীয়া হোৱাৰ মৰ্যাদা লাভ কৰে । তেওঁ গুৱাহাটীত প্ৰাগজ্যোতিষ কলেজ স্থাপনকে ধৰি ভালেমান সামাজিক কাম-কাজো কৰিছিল । অলকালৈ চিঠি আৰু যৎকিঞ্চিত তেওঁৰ দুখন গল্প সংকলন । তেওঁ বোলাই শৰ্মা, কেৰপাই শৰ্মা, হয়বৰ অভয়পুৰীয়া আদি ছদ্মনামেৰেও লিখা-মেলা কৰিছিল । ১৯৬২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । আইনজ্ঞগৰাকীলৈ আমাৰ প্ৰণাম ।