আজি আচাৰ্য ইলাৰাম দাসৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে মৰিগাঁও জিলাৰ জালুগুটি নামৰ গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একশৰণ নাম ধৰ্মৰ প্ৰচাৰক, সুবক্তা তথা সমাজ সংস্কাৰক । ১৯৫০ চনত তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰে । ১৯৬৮ চনৰ পৰা তেওঁ দুটা কাৰ্যকাল সংঘৰ উপ-পদাধিকাৰ আছিল । ১৯৭৩ চনত তেওঁ এক শৰণ ভাগৱতী সমাজ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে । তেওঁ নাৰী সবলীকৰণৰ বাবে সতী ৰাধিকা শান্তি মাতৃ সেৱা সমাজো গঠন কৰিছিল । তেওঁৰ সাহিত্যকৃতিসমূহৰ ভিতৰত নামঘোষা ৰসামৃত, পালনাম তত্ত্ব, বিশ্বজ্যোতি আদি অন্যতম । ২০০১ চনত অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে । ধৰ্মপ্ৰাণ সমাজ-সংস্কাৰকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক, শিক্ষাবিদ ডঃ লক্ষ্মীনাথ পৰাজুলিৰ স্মৃতি দিৱস । পেছাত তেওঁ শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আছিল । তেওঁ অসমীয়া আৰু নেপালী ভাষাত সাহিত্য চৰ্চা কৰিছিল । তেজপুৰৰ পৰা প্ৰকাশিত দেৱবাৰ্তা কাকতৰ তেওঁ মুখ্য সম্পাদক আছিল । মাটি আৰু মানুহৰ কবিতা, দৃষ্টিপাত, উত্তৰ-পূব ভাৰতীয় নেপালী সমাজ, গৰ্ভগীতা আদি কেইবাখনো গ্ৰন্থ তেওঁ লিখি থৈ গৈছে ।তেওঁ আছিল ১৯৯৩ চনত প্ৰতিষ্ঠা হোৱা অসম নেপালী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি । প্ৰথম তিনিটা কাৰ্যকাল তেওঁ সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।