আজি কবি, গীতিকাৰ কেশৱ মহন্তৰ স্মৃতি দিৱস । সুমধুৰ শব্দ চয়ন তেওঁৰ গীত আৰু কবিতাৰ অন্যতম বৈশিষ্ট্য ।প্ৰকৃতি আৰু মানুহক লৈ গীত-কবিতা লিখা কেশৱ মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰকাশক-অনুবাদক হিচাপে যোগদান কৰাৰ পিছত কলিকতাত অধুনালুপ্ত জনপ্ৰিয় আলোচনী ‘ছোভিয়েট দেশ’ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । তাৰপৰা বি বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে কাম কৰে । অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ লুইত, প্ৰবাহ, মিলন, মুখপত্ৰ, নতুন সাহিত্য আদি আলোচনীও সম্পাদনা কৰে । তেওঁ গীতৰ পুথি বুকুত এজাক ধুমুহা, ৰ’দ জিকিমিকি আদি, কবিতাপুথি তোমাৰ তেজ, কুঁৱলী আঁতৰি যা আদি, অনুবাদ পুথি পক্ষীৰাজ ঘোঁৰা, ৰক্তকৰৱী আদি, শিশু-পুথি মা আমি শদিয়ালৈ যামেই, বেলি ওলোৱাৰ হাঁহি আদি উল্লেখযোগ্য । আকাশবাণীৰ স্বীকৃত গীতিকাৰ কেশৱ মহন্তই আজলী নবৌ, অৰণ্য, অভিমান, ককাদেউতা নাতি আৰু হাতী আদি চলচ্চিত্ৰৰ বাবেও গীত লিখিছিল । ‘মোৰ যে কিমান হেঁপাহ’ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০৬ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী কবি, গীতিকাৰলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক মেদিনী চৌধুৰীৰ ওপজা দিন । ১৯২৮ চনৰ আজিৰ দিনটোতে তেওঁ গোৰেশ্বৰত জন্ম লাভ কৰে । শ্বিলঙৰ অসম সচিবালয়ত কৰ্মজীৱনৰ পাতনি মেলা চৌধুৰীয়ে ই এ চি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসমীয়া, নতুন অসমীয়া, দৈনিক শান্তিদূত আদি কাকতৰ সম্পাদনাৰ সৈতেও জড়িত আছিল । কিছুদিন তেওঁ ‘সূত্ৰধাৰ’ আলোচনীৰো সম্পাদক আছিল ।জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আদিৰ ৰচক চৌধুৰীৰ অনন্য প্ৰান্তৰ, বণ্ডুকা বেহাৰ, ফেৰেংগাদাও, লুইত বৰাক আৰু ইছলাম, যাদুঘৰৰ কীৰ্তিমুখ, চীনৰ ছাত্ৰ আন্দোলন আদি উল্লেখযোগ্য গ্ৰন্থ । ‘বিপন্ন সময়’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।