আজি বিশিষ্ট সাহিত্য সাধক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওপজা দিন । ১৮৮১ চনৰ আজিৰ দিনটোতে গোৱালপাৰা জিলাৰ লক্ষীপুৰত তেওঁৰ জন্ম হৈছিল । অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে তেওঁ আমৃত্যু চেষ্টা কৰিছিল । ১৯২৯ চনত তেওঁ কলিকতাৰ পৰা ‘আৱাহন’ আলোচনীখন প্ৰকাশ কৰিছিল । তেওঁ এগৰাকী গল্পকাৰ হিচাপে বিশেষ খ্যাতি লাভ কৰিলেও তেওঁ এগৰাকী কবি, প্ৰবন্ধকাৰ, অভিনেতা আৰু নাট্যকাৰো আছিল । নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প আৰু বীণাৰ ঝংকাৰ হ’ল তেওঁৰ দুখন গল্প সংকলন । অসম সাহিত্য সভাৰ তেওঁ প্ৰধান পৃষ্ঠপোষক আছিল । তেওঁ ১৯৩১ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । তেৱেঁই লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপধিৰে বিভূষিত কৰিছিল । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি দিৱস । তেওঁ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল । তথাপি তেওঁ সাধাৰণ মানুহৰ মুখৰ পৰা লোকগীতবোৰ বুটলি আনি সাধনা কৰিছিল । ১৯৫৬ চনত ডঃ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ ‘এৰাবাটৰ সুৰ’ৰ দুটা গীতত কণ্ঠদানেৰে তেওঁ সংগীতৰ বহল ক্ষেত্ৰখনত খোজ দিয়ে । ১৯৫৭ চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অধিৱেশনত গুৱাহাটীত গীত পৰিৱেশন কৰে । ১৯৬২ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত গীত পৰিৱেশন কৰি শ্ৰোতাৰ বিপুল সমাদৰ লাভ কৰে । ১৯৭৫ চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত তেওঁৰ গীত প্ৰথমবাৰৰ বাবে বাণীবদ্ধ কৰা হয় । ১৯৭৬ চনত তেওঁ আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে । ১৯৮৯ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ১৯৯১ চনত লাভ কৰে পদ্মশ্ৰী সন্মান । ২০০২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।