আজি ‘পাপৰি কবি’ গণেশ গগৈৰ ওপজা দিন । ১৯০৭ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । তেওঁ অবিভক্ত লক্ষীমপুৰ জিলাৰ প্ৰথমগৰাকী স্নাতক আছিল । তেওঁ আনন্দচন্দ্ৰ বৰুৱাৰ লগ লাগি যোৰহাটত ‘বাণী সন্মিলন’ প্ৰতিষ্ঠা কৰে । তেওঁ কেইবাখনো চুটি নাট লিখি গ্ৰামোফোন ৰেকৰ্ড উলিয়াইছিল । ১৯২৯ চনত তেওঁ যোৰহাট থিয়েটাৰত যোগদান কৰি অভিনয় কৰিবলৈ দয় আৰু সেই সময়ছোৱাতে কেইবাখনো পূৰ্ণাংগ নাটক আৰু চুটি নাট ৰচনা কৰি মঞ্চস্থ কৰে । তেওঁৰ এখন অতি জনপ্ৰিয় নাট ‘শকুনিৰ প্ৰতিশোধ’ । তদুপৰি কাশ্মীৰ কুমাৰী, জেৰেঙাৰ সতী, কুৰি শতিকা আদি তেওঁৰ আন নাটক । তেওঁ এগৰাকী গীতিকাৰ আৰু সুৰকাৰো আছিল । তেওঁৰ গীতবোৰ বাঁহী, আৱাহন, ঘৰ-জেউতি আদি আলোচনীত প্ৰকাশ পাইছিল । পিছলৈ তেওঁৰ ‘গীতিমালা’ নামৰ গ্ৰন্থখনত এই গীতবোৰ সংকলিত কৰা হৈছিল । কবি হিচাপে তেওঁৰ খ্যাতি আৰু অধিক । তেওঁৰ ‘পাপৰি’ কবিতা পুথিখনে অসমীয়া কবিতাৰ ৰোমাণ্টিক ধাৰাটোৰ সূচনা কৰিছিল । স্বপ্নভংগ, নাৱৰীয়া, ব’ৰাগী আদি তেওঁৰ আন আন কবিতা পুথি । তেওঁ এগৰাকী নিপুণ ফুটবল খেলুৱৈও আছিল । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।