আজি বিশিষ্ট কবি, ঔপন্যাসিক, শিশু-সাহিত্যিক, গীতিকাৰ নৱকান্ত বৰুৱাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । ১৯৫৩ চনত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কিছুদিন উত্তৰ প্ৰদেশৰ শিকোহাবাদৰ এ কে কলেজত অধ্যাপনাৰে কৰ্মজীৱনৰ পাতনি মেলি একেটা বছৰতে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে । তাৰ পিছৰ বছৰতে কটন কলজত যোগদান কৰি তাৰ পৰাই অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । ৯ বছৰ বয়সতে শিশু-আলোচনী ‘অকণ’ত তেওঁৰ কবিতা প্ৰকাশ পাইছিল । তেওঁৰ কবিতাই আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰে । মনত পৰেনে অৰুন্ধতী, ইয়াত নদী আছিল, পলস, ৰাৱণ আদি তেওঁৰ অতি জনপ্ৰিয় কবিতা । হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰত্নাকৰ আদি তেওঁৰ কবিতা পুথি । কপিলীপৰীয়া সাধু, মানুহ আটাইবোৰ দ্বীপ, গৰমা কুঁৱৰী আদি তেওঁৰ উপন্যাস । শিশু-সাহিত্যৰ ক্ষেত্ৰত এখুদ ককাইদেউ নামেৰ বিখ্যাত তেওঁৰ শিশু-উপযোগী পুথিসমূহৰ ভিতৰত মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ, মই টুনীয়ে টুনটুনালোঁ আদি অন্যতম । মনৰ খবৰ তেওঁৰ গীতৰ সংকলন । অসমীয়া ছন্দ শিল্পৰ ভূমিকা আৰু কবিতাৰ দেহবিচাৰ তেওঁৰ দুখন সমালোচনামূলক গ্ৰন্থ । ১৯৭৫ চনত তেওঁ ককাদেউতাৰ হাড় উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৭৪ চনত মোৰ আৰু পৃথিৱীৰ কবিতাৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে । ১৯৯৩ চনত লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।