আজি ‘অসম কেশৰী’ অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী সাহিত্যিক, সাংবাদিক, সমাজসেৱক তথা স্বাধীনতা সংগ্ৰামী । তেওঁ এগৰাকী জাতীয়তাবাদী নেতা আছিল । অসম আৰু অসমীয়াৰ স্বাৰ্থত সদা সৰৱ হৈ থকা বাবে তেওঁক ‘অসম কেশৰী’ বোলা হয় । তেওঁ ‘আসাম বান্ধৱ’ আলোচনীৰ সম্পাদক আছিল । ডেকা অসম নামৰ আলোচনী এখনো সম্পাদনা কৰিছিল । স্বাধীনতা আন্দোলনত তেওঁ একাধিকবাৰ কাৰাবাস খাটিছিল । তেওঁ অসম জাতীয় মহাসভা আৰু অসম শিক্ষা প্ৰচাৰ সমিতি, অসমীয়াৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণী সভা আদি সংগঠনৰ জন্ম দিছিল । চেতনা আলোচনীখন তেওঁৰ অনন্য কৃতি । তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা, বন্দো কি ছন্দেৰে, বিশ্বনাট্য আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯৫০ চনত তেওঁ মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । ১৯৬৬ চনত বেদনাৰ উল্কা কবিতা সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৬৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । অসম কেশৰীলৈ আমাৰ প্ৰণাম ।