আজি প্ৰগতিশীল কবি, ঔপন্যাসিক তথা প্ৰবন্ধকাৰ অৱনী চক্ৰৱৰ্তীৰ ওপজা দিন । ১৯৪১ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ বৰনৰ্দ্দীত তেওঁৰ জন্ম হৈছিল । অসম সংস্কৃত বোৰ্ড, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি আদিৰ পৰা শিক্ষা আহৰণ কৰাৰ পিছত তেওঁ ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল । অংগৰাগ (১৯৬৯), অসমীয়া কবিতা (১৯৭০) আৰু চিৰন্তন (১৯৭২) আলোচনীৰ সম্পাদক আছিল । দেহা ৰমেৰমায় মোৰ আৰু শ্লোগান তেওঁৰ কবিতা পুথি । ‘শংকৰদেৱ উদ্যান’ আৰু ‘সি আৰু অপূৰ্ব’ তেওঁৰ উপন্যাস । ১৯৯৪ চনৰ ১২ নৱেম্বৰত সান্ধ্য ভ্ৰমণলৈ গুৱাহাটীৰ খাৰঘুলিৰ নিজ বাসভৱনৰ পৰা ওলাই গৈ তেওঁ নিৰুদ্দিষ্ট হয় । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।