আজি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰৰ স্মৃতি দিৱস । ১৯৮২ চনত ‘বোৱাৰী’ চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ পৰিচালনাৰ জগতখনত খোজ দিছিল । অৱশ্যে ১৯৭৩ চনত তেওঁ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ ‘মমতা’ৰ সহ-পৰিচালক আছিল । ঘৰ-সংসাৰ, মন-মন্দিৰ, শেৱালি, অহিৰ ভৈৰৱ আদি তেওঁৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ । তেওঁ পৰিচালনা কৰা ‘সোণ-মইনা’ চলচ্চিত্ৰখনে ১৯৮৪ চনত আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল । ২০০৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।