আজি বিশিষ্ট নাট্যকাৰ, চিত্ৰনাট্যকাৰ তথা ৰাজনৈতিক সংবাদকৰ্মী বিজয় তেণ্ডুলকাৰৰ ওপজা দিন । ১৯২৮ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ কলহাপুৰত তেওঁৰ জন্ম হৈছিল । সখাৰাম বাইণ্ডাৰ, ঘাচিৰাম কোটৱাল, শান্ততা! কোৰ্ট চালু হে আদি তেওঁৰ জনপ্ৰিয় নাটক । ১৯৮৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । ১৯৯৮ চনত তেওঁ সংগীত নাটক একাডেমীৰ ফেলোশ্বিপ লাভ কৰে । ১৯৭৭ চনত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে । এইগৰাকী নাট্যকাৰলৈ আমাৰ প্ৰণাম ।