আজি বিশিষ্ট ভাৰতীয় মনিষী স্বামী বিৱেকানন্দৰ ওপজা দিন । ১৮৬৩ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ জন্ম হৈছিল । তেওঁ যুৱশক্তিৰ ওপৰত অগাধ বিশ্বাস ৰাখিছিল বাবে ভাৰতত আজিৰ দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় । তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰ নাথ দত্ত । তেওঁ ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আছিল । তেওঁ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল । আধুনিক ভাৰতত হিন্দু পুনৰজাগৰণৰ তেওঁ অন্যতম হোতা আছিল । ১৮৯৩ চনত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম মহাসভাত হিন্দু ধৰ্মক প্ৰতিনিধিত্ব কৰি দিয়া তেওঁৰ জ্ঞানগৰ্ভ ভাষণটো আজিও মাইলৰ খুঁটি স্বৰূপ হৈ আছে । কৰ্মযোগ, ধৰ্মযোগ, জ্ঞানযোগ আদি তেওঁৰ ৰচনা । মনিষীগৰাকীলৈ আমাৰ প্ৰণাম ।