VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
January 13, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ওপজা দিন । ১৯০৫ চনৰ আজিৰ দিনটোতে তেওঁ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত জন্ম লাভ কৰিছিল । তেওঁ স্নাতকোত্তৰ মহলাত অধ্যয়নৰত অৱস্থাতে আইনৰো স্নাতক ডিগ্ৰী লাভ কৰে । উত্তৰ গুৱাহাটীৰ কমলদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে তেওঁ কৰ্মজীৱনৰ পাতনি মেলি ১৯৩৮ চনৰ পৰা ১৯৫৯ চনলৈ কটন কলেজৰ অসমীয়া বিভাগত অধ্যাপনা কৰে । ১৯৬০ চনত তেওঁ বৃন্দাৱনৰ বৈষ্ণৱ পাৰমাৰ্থিক বিশ্ববিদ্যালয়ৰ শ্ৰীশংকৰদেৱ আসনৰ গৱেষণা অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে । ইন্দিৰা গোস্বামীয়ে (মামণি ৰয়ছম গোস্বামী) তেওঁৰ অধীনতে ৰামায়ণী সাহিত্য সন্দৰ্ভত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । আনন্দৰাম বৰুৱা পুথিভঁড়াল আৰু শ্ৰীশ্ৰীশংকৰদেৱ সংঘৰ তেওঁ অন্যতম প্ৰতিষ্ঠাপক আছিল । তেওঁ জনশিক্ষা নামৰ আলোচনী এখনৰো সম্পাদক আছিল । অসমীয়া ৰামায়ণী সাহিত্য, লক্ষ্মীনাথ বেজবৰুৱা আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । তেওঁ এগৰাকী ভাল অনুবাদকো আছিল । ভক্তিবিৱেক আৰু ধৰ্মপদ তেওঁৰ অনুবাদ গ্ৰন্থ । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক ৰং বং তেৰাঙৰ ওপজা দিন । ১৯৩৭ চনৰ আজিৰ দিনটোতে কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ লাংবুংদিংপিত তেওঁৰ জন্ম হৈছিল । ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেওঁ লংকা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলে । পিছলৈ ডিফু কলেজত অধ্যাপনা কৰিবলৈ লয় আৰু ২০০২ চনত কলেজখনৰ তত্বাৱধায়ক অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । গুড়িপৰুৱা নামৰ গল্প এটাৰে তেওঁ সাহিত্য জগতত পদাৰ্পণ কৰে । নীলা অৰ্কিড, জাক হেৰোৱা পখী আদি উপন্যাসৰ ভিতৰত তেওঁৰ ৰংমিলিৰ হাঁহি উপন্যাসখন বিপুলভাৱে সমাদৃত । বন ফৰিঙৰ গীত, লাংচোলিয়েটৰ আদি তেওঁৰ গল্প পুথি । তেওঁ কাৰ্বি ভাষাৰ প্ৰথমগৰাকী অভিধান প্ৰণেতা । ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ২০০৮ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । ২০০৯ চনত ধেমাজি আৰু ২০১০ চনত বৈঠালাংছুত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।

Previous Post

ক’ভিড মহামাৰীৰ অন্ত পৰা বুলি আনুষ্ঠানিক ঘোষণাৰ দাবী দুই চিকিৎসক সংগঠনৰ – সাধাৰণ জ্বৰলৈহে পৰিণত হৈছে ক’ভিড

Next Post

পুৰুষ চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰিব মহিলা চিকিৎসকে, আফগানত তালিবানৰ নতুন নির্দেশনা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পুৰুষ চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰিব মহিলা চিকিৎসকে, আফগানত তালিবানৰ নতুন নির্দেশনা

পুৰুষ চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰিব মহিলা চিকিৎসকে, আফগানত তালিবানৰ নতুন নির্দেশনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7