আজি বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী মহাশ্বেতা দেৱীৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে ঢাকাত তেওঁৰ জন্ম হৈছিল । ভাৰত বিভাজনৰ পিছত তেওঁ পশ্চিম বংগলৈ গুচি আহে । তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । হাজাৰ চুৰাশীৰ মা, অগ্নিগৰ্ভা, ৰুদালী আদি তেওঁৰ বিখ্যাত সাহিত্যকৃতি । অৰণ্যেৰ অধিকাৰ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৬ চনত লাভ কৰে জ্ঞানপীঠ বঁটা । ১৯৯৭ চনত তেওঁ ৰমণ মেগছেছে বঁটাও লাভ কৰে । ২০১৪ চনত অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।