আজি বিশিষ্ট সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ ওপজা দিন । ১৯১৯ চনৰ আজিৰ দিনটোতে গোলাঘাটৰ নাহৰণিত তেওঁৰ জন্ম হয় । ১৯৪১ চনত কটন কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লৈ আবকাৰী বিভাগৰ উপ-পৰিদৰ্শক, যোৰহাট কলেজত পাৰ্ছী ভাষাৰ প্ৰবক্তা, শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰগ্ৰেম এছিষ্টেণ্ট আদি বিভিন্ন কাম কৰাৰ পিছত ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি জে বি কলেজত অসমীয়াৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৭৬ চনত অৱসৰ গ্ৰহণ কৰে । ১৯৭৬ চনতে তেওঁ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হয় । তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতেও জড়িত আছিল । তেওঁ একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ তথা প্ৰবন্ধকাৰ আছিল । গৱেষণামূলক গ্ৰন্থ অসমীয়া জিকিৰ আৰু জাৰি তেওঁৰ এক অমূল্য অৱদান । তেওঁৰ প্ৰায় ২৫খন গল্প সংকলন, ৬০খন উপন্যাস, ৫খন কবিতা পুথি, ২০খন অনাতাঁৰ নাট, তিনিখন শিশু-সাহিত্য আদি প্ৰকাশ পাইছে । সূৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, প্ৰেম অমৃতৰ নদী, বেদুইন আদি তেওঁৰ জনপ্ৰিয় সাহিত্য কৃতি । অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে তেওঁ ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । ভাৰত চৰকাৰে তেওঁক ১৯৮৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে । অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।