আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি জয়ভদ্ৰ হাগজেৰৰ ওপজা দিন । ১৯৫২ চনত কোকৰাঝাৰৰ বাসুগাঁৱত অনুষ্ঠিত হোৱা এখন সভাত জয়ভদ্ৰ হাগজেৰৰ সভাপতিত্বত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয় । তেওঁ ১৯৫২ চনৰ পৰা ১৯৬৬ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল । ১৯৬৭ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ হাফলং সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বিধানসভাৰ সদস্য নিৰ্বাচিত হৈছিল । উল্লেখযোগ্য যে একেখন বিধানসভালৈ তেজপুৰ সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা আৰু নাওবৈচা সমষ্টিৰ পৰা ভূপেন হাজৰিকা সদস্য হিচাপে নিৰ্বাচিত হৈছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ স্মৃতি দিৱস । নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমসাময়িক চন্দ্ৰধৰ গোস্বামীয়ে অসমৰ অভিনয় ক্ষেত্ৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল । উল্লেখযোগ্য যে মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী আছিল অসমৰ চলচ্চিত্ৰ জগতখনৰ ভোটাতৰা স্বৰূপ নিপন গোস্বামীৰ পিতৃ । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম