VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
January 20, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

আজি ‘বিহগী কবি’ ৰঘুনাথ চৌধাৰীৰ ওপজা দিন । ১৮৭৯ চনত অবিভক্ত কামৰূপ (বৰ্তমান নলবাৰী) জিলাৰ লাউপাৰাত তেওঁৰ জন্ম হৈছিল । ৰোমাণ্টিক যুগৰ বিশিষ্ট কবিগৰাকীয়ে গুৱাহাটীৰ উজান বজাৰৰ এখন বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি ১৯০১ চনত লতাশিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্ত হয় । পিছলৈ তেওঁ ঘৰুৱা কাৰণত চাকৰি বাদ দিয়ে । ১৯১০ চনত তেওঁৰ প্ৰথম কবিতা পুথি ‘সাদৰী’ প্ৰকাশ পায় । কেতেকী, কাৰবালা, দহিকতৰা আদি তেওঁৰ অন্যান্য কবিতা পুথি । তেওঁ জোনাকী আলোচনীৰ সহকাৰী সম্পাদক আছিল । শিশু আলোচনী ‘মইনা’ৰ উপৰি তেওঁ জয়ন্তী, সুৰভি আদি আলোচনীৰো সম্পাদনা কৰিছিল । গুৱাহাটীৰ প্ৰগতি সংঘ আৰু সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল তেওঁ । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল । ১৯৩৬ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ন্যায়াধীশ হলিৰাম ডেকাই তেওঁক ‘বিহগী কবি’ আখ্যা দিছিল । ভাৰত চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন আগবঢ়াইছিল । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বাগ্মীবৰ নীলমণি ফুকনৰ স্মৃতি দিৱস । তেওঁ এগৰাকী সাহিত্যিক, সুবক্তা তথা ৰাজনীতিক আছিল । ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটৰ প্ৰধান শিক্ষক, আছাম লেজিছলেটিভ কাউন্সিলৰ সভ্য, অসম এছেম্বলীৰ সভ্য আদি বিভিন্ন পদৱীত কাৰ্যনিৰ্বাহ কৰিছিল । সাদিনীয়া বাতৰি, ন জোন আৰু দৈনিক বাতৰিৰ সম্পাদক আছিল তেওঁ । জ্যোতিকণা, সাহিত্য কলা, চিন্তামণি আদি তেওঁৰ সাহিত্য কৃতি । ১৯৪৪ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৭৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বাগ্মীবৰলৈ আমাৰ প্ৰণাম ।

আজি বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ এগৰাকী কবি, গীতিকাৰ, গল্পকাৰ তথা নাট্যকাৰ আছিল । এগৰাকী দক্ষ চিকাৰী আৰু অভিনেতাও আছিল তেওঁ । ১৯২৮ চনত কলিকতাৰ ছেইণ্ট পল কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ তেওঁ শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি ১৯৬৫ চনত বৰপেটা বিদ্যাপীঠৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে । অগ্নিমন্ত্ৰ, ৰংগে ফাকু খেলে, বাৰিষাৰ ৰঙা ৰ’দ আদি তেওঁৰ সাহিত্য কৃতি । ১৯৭৮ চনত গোলাঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৮৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বিদ্ৰোহী কবিলৈ আমাৰ প্ৰণাম ।

আজি কবি, গীতিকাৰ কেশৱ মহন্তৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে তেজপুৰৰ মিজিকাজান চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল । ১৯৫২ চনত তেওঁ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । পিছলৈ গুৱাহাটীৰ ডনবস্ক’ স্কুলতো শিক্ষকতা কৰিছিল । ১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰকাশক-অনুবাদক হিচাপে যোগদান কৰি ১৯৮৪ চনত প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয় । তেওঁ অধুনালুপ্ত ছোভিয়েট দেশ আলোচনীৰ মুখ্য সম্পাদক আছিল । তদুপৰি লুইত, প্ৰবাহ, মিলন, নতুন সাহিত্য আদি আলোচনীৰো সম্পাদক আছিল । ১৯৯৩ চনত মোৰ যে কিমান হেপাহ নামৰ গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ৰ’দ জিকিমিকি, আগন্তুক, বুকুত এজাক ধুমুহা, আমাৰ পৃথিৱী, বেলি ওলোৱাৰ হাঁহি, মা আমি শদিয়ালৈ যামেই আদি তেওঁৰ সাহিত্য কৃতি । আকাশবাণী গুৱাহাটীৰ তেওঁ স্বীকৃত গীতিকাৰ আছিল । তেওঁ আজলী নবৌ, ককা দেউতা নাতি আৰু হাতী, অৰণ্য, অভিযান আদি জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ গীতো লিখিছিল । গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

ড্ৰাই ফ্ৰুটছ আখৰুট প্ৰতিদিনে কিয় খাব লাগে জানেনে বাৰু ?

Next Post

২৩ জানুৱাৰীত ভাৰতীয় নৌসেনাত যোগদান কৰিব ‘আই এন এছ ৱাগিৰে’

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
২৩ জানুৱাৰীত ভাৰতীয় নৌসেনাত যোগদান কৰিব ‘আই এন এছ ৱাগিৰে’

২৩ জানুৱাৰীত ভাৰতীয় নৌসেনাত যোগদান কৰিব ‘আই এন এছ ৱাগিৰে’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7