আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপজা দিন । ১৮৯৭ চনৰ আজিৰ দিনটোতে ওড়িশাৰ কটকত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতাপী নেতা সুভাষ চন্দ্ৰ বসুৱে ভাৰতক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ আজাদ হিন্দ ফৌজৰ নেতৃত্ব দিছিল । ১৯৪২ চনত জাৰ্মানীত Indische Legionৰ ভাৰতীয় সৈন্যসকল আৰু বাৰ্লিনত থকা Special Bureau of Indiaৰ জাৰ্মান তথা ভাৰতীয় বিষয়াসকলে পোনপ্ৰথমে তেওঁক ‘নেতাজী’ সম্বোধন কৰিছিল । জনপ্ৰিয় ভাৰতীয় শ্লোগান ‘জয় হিন্দ’ৰ প্ৰথম প্ৰচাৰ কৰিছিল নেতাজীয়ে । ১৯৩৮ আৰু ১৯৩৯ চনত তেওঁ দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল । পিছত মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ নেতৃবৃন্দৰ সৈতে মতবিৰোধ হোৱাত তেওঁ কংগ্ৰেছ ত্যাগ কৰে । এইগৰাকী মহান নেতালৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত ।
আজি লোকনায়ক অমিয় কুমাৰ দাসৰ স্মৃতি দিৱস । ভাৰতীয় সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ আত্মজীৱনী The story of my experience with truth ক ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল । গান্ধীজীৰ জীৱনী, মহাত্মা গান্ধীক আমি কিদৰে বুজিলোঁ আৰু অসমত মহাত্মা তেওঁৰ আন তিনিখন প্ৰকাশিত গ্ৰন্থ । ১৯৫১, ১৯৫৭ আৰু ১৯৬২ চনৰ নিৰ্বাচনত তেওঁ ঢেকীয়াজুলি সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু সেই সময়ছোৱাত অসম চৰকাৰৰ কেইবাটাও বিভাগৰ মন্ত্ৰী হৈছিল । তেওঁ শ্ৰম মন্ত্ৰীৰ দায়িত্বত থাকোঁতে চাহ শ্ৰমিকৰ ভৱিষ্যনিধি গঠন কৰিছিল । এই পদক্ষেপ এচিয়া মহাদেশৰ ভিতৰতে প্ৰথম আছিল । শিক্ষা মন্ত্ৰী হিচাপে তেওঁ অসমত সাধাৰণ শিক্ষা আঁচনিৰ আৰম্ভণি কৰিছিল । তেওঁ ১৯৬৩ চনত পদ্মবিভূষণ সন্মান লাভ কৰিছিল । ১৯৭৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।