আজি অসমৰ এগৰাকী বিশিষ্ট চিত্ৰ-শিল্পী তথা ভাস্কৰ শোভা ব্ৰহ্মৰ স্মৃতি দিৱস । ২০১২ বৰ্ষৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল । তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যত প্ৰতিফলিত হৈছিল উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতি, বিশেষকৈ অসমৰ জনজাতীয় সমাজখন তেওঁৰ কৰ্মত পৰিস্ফুট হৈছিল । নিজৰ সৃষ্টি কৰ্মৰে তেওঁ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছিল । তেওঁ গুৱাহাটীৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল । প্ৰণৱ বৰুৱা শিল্পী বঁটা, অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক শোভা ব্ৰহ্মই শিল্পকলাৰ নৱজন্ম, জীৱন আৰু চিত্ৰকলা, ভাৰতীয় শিল্পকলা (অনুবাদ) আদি গ্ৰন্থও ৰচনা কৰিছিল । এইগৰাকী নমস্য শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ উজ্জ্বল নক্ষত্ৰ গাংগুবাই হাংগলৰ ওপজা দিন । ১৯১৩ চনৰ আজিৰ দিনটোতে কৰ্ণাটকৰ ধানবাদত তেওঁ জন্ম লাভ কৰিছিল । এক গুৰু-গম্ভীৰ আৰু শক্তিশালী কণ্ঠৰ অধিকাৰী এই শিল্পীগৰাকী আছিল খেয়াৰ ধাৰাৰ গায়িকা । তেওঁ আছিল কিৰাণা ঘৰাণাৰ অন্তৰ্গত । বিশিষ্ট শিল্পীগৰাকীয়ে সংগীত নাটক একাডেমী বঁটাৰ উপৰি পদ্মবিভূষণ সন্মানো লাভ কৰিছিল । এইগৰাকী মহান শিল্পীলৈ আমাৰ প্ৰণাম ।