আজি বিশিষ্ট কবি অজিত বৰুৱাৰ স্মৃতি দিৱস । কবি হিচাপে অধিক প্ৰসিদ্ধি লাভ কৰিলেও তেওঁ গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্য ৰচনাকাৰ হিচাপেও অসমীয়া সাহিত্যৰ ভঁৰাললৈ বৰঙণি আগবঢ়াইছিল । তেওঁ ‘জেংৰাই কবি’ অভিধাৰে জনাজাত । তেওঁক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয় । ‘ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য’ নামৰ কাব্য গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । তেওঁ ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰৰ উপৰি অসম উপত্যকা সাহিত্য বঁটা আৰু আন কেইবাটাও আগশাৰীৰ বঁটা লাভ কৰিছিল । ২০১৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।