আজি ভাৰতীয় চলচ্চিত্ৰৰ জনক দাদাচাহেব ফাল্কেৰ স্মৃতি দিৱস। তেওঁৰ প্ৰকৃত নাম আছিল ধুণ্ডিৰাজ গোৱিন্দ ফাল্কে। ১৯১৩ চনত তেওঁ ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ ‘ৰাজা হৰিচন্দ্ৰ’ নিৰ্মাণ কৰিছিল। তাৰ পিছত তেওঁ ৯৫খন পূৰ্ণদৈৰ্ঘ্যৰ আৰু ২৬খন হ্ৰস্ব দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰে। ১৯৪৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বে প্ৰেছিডেন্সীৰ নাচিকত তেওঁৰ দেহাৱসান ঘটে। এইগৰাকী মহান ব্যক্তিৰ স্মৃতিতে প্ৰতিবছৰে ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা একোগৰাকী বিশিষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিক প্ৰদান কৰা হয় । এই সন্মান লাভ কৰা এই পৰ্যন্ত একমাত্ৰ অসমীয়া গৰাকী হ’ল ডঃ ভূপেন হাজৰিকা । চলচ্চিত্ৰ নিৰ্মাতাগৰাকীলৈ আমাৰ প্ৰণাম।