আজি কলংপাৰৰ কবি দেৱকান্ত বৰুৱাৰ ওপজা দিন । ১৯১৪ চনৰ আজিৰ দিনটোতে তেওঁৰ ডিব্ৰুগড়ত জন্ম হৈছিল। স্কুলীয়া দিনতে তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰি কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ কাশী বিশ্ববিদ্যালয়ৰ পৰা ১৯৩০ আই এ, ১৯৩৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু ১৯৩৭ চনত এল এল বি ডিগ্ৰী লাভ কৰে । ৰাজনীতি, সাহিত্য আৰু সংবাদ জগততো বিশেষ দখল থকা কবিগৰাকীৰ বিখ্যাত কাব্যপুথি ‘সাগৰ দেখিছা’ । সংক্ৰান্তিকালৰ কবি বুলিও জনাজাত দেৱকান্ত বৰুৱাই লেখত কম সংখ্যক কবিতা লিখিও নিজৰ প্ৰতিভাৰ গুণেৰে খ্যাতিমান হৈ আছে । তেওঁ নতুন অসমীয়া আৰু দৈনিক অসমীয়া কাকতৰ সম্পাদক আছিল। ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৬২ চনত তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈ চলিহা মন্ত্ৰীসভাত শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহন কৰে। ১৯৭১ চনত তেওঁ বিহাৰৰ ৰাজ্যপাল পদতো অধিষ্ঠিত হয়। ১৯৭৩ চনত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত পেট্ৰোলিয়াম আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হয়। ১৯৭৭ চনত তেওঁ অসমৰ ৰাজ্যসভাৰ সদস্য হয় । এইগৰাকী কবি তথা ৰাজনীতিকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।
আজি জীৱনশিল্পী আদ্য শৰ্মাৰ স্মৃতি দিৱস । সৰুৰে পৰাই তেওঁ চাৰু-কাৰু শিল্পৰ প্ৰতি আগ্ৰহী আছিল। অসমৰ এইগৰাকী সাধক শিল্পীয়ে কেনভাছত সপোনক বাস্তৱ ৰূপ দিয়াৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-নিৰ্দেশক হিচাপেও নিজৰ কৃতিত্বৰ স্বাক্ষৰ ৰাখি থৈ গৈছে । কহিনুৰ থিয়েটাৰৰ এসময়ৰ জনপ্ৰিয় নাটক ‘টাইটানিক’ত তেওঁৰ কলাকৃতিৰ কুশলতাৰ কথা আজিও অগণন দৰ্শকৰ মুখে মুখে । ১৯৯৯ চনত তেওঁ বিষ্ণু ৰাভা বঁটা লাভ কৰে। প্ৰণৱ বৰুৱা শিল্পী বঁটাও তেওঁ লাভ কৰে। চিৰকুমাৰ শিল্পীগৰাকীৰ ২০১৫ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটে। ‘গুৰুজী’ বুলি সকলোৱে সম্বোধন কৰা এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাৰ স্মৃতি দিৱস। তেওঁ নগাঁও, গুৱাহাটী, উত্তৰ লক্ষীমপুৰ, কাকজান আদি বিভিন্ন মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ যোৰহাট নৰ্মাল স্কুলৰ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে অৱসৰ গ্ৰহণ কৰে। দত্তবৰুৱা এণ্ড কোম্পানী নাম দি তেওঁ গ্ৰন্থ প্ৰকাশ আৰু বিক্ৰীৰ ব্যৱসায়ো কৰিছিল। গুৱাহাটীৰ বিখ্যাত শ্ৰীগুৰু প্ৰেছৰ তেওঁ প্ৰতিষ্ঠাপক আছিল। চিত্ৰদৰ্শন, প্ৰাচীন কামৰূপীয়া কায়স্থ সমাজৰ ইতিবৃত্ত আদি তেওঁৰ প্ৰকাশিত পুথি। ১৯৪৪ চনত কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই তেওঁক সাহিত্যৰত্ন উপাধি প্ৰদান কৰে । ১৯৫৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম।