আজি অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম পুৰোধা ব্যক্তি ব্ৰজেন বৰুৱাৰ ওপজা দিন । ১৯২৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল। তেওঁ আছিল একাধাৰে চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ । মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰতো তেওঁ গীত গাইছিল । তেওঁ মুঠ পাঁচখন চলচিত্ৰ পৰিচালনা কৰিছিল আৰু আঠখন চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰিছিল। স্মৃতিৰ পৰশ চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক আৰু অভিনেতা ৰূপে তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেওঁ পৰিচালনা কৰা ‘ইটো সিটো বহুতো’ আছিল প্ৰথম অসমীয়া কমেডি চিনেমা । আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰা তেওঁৰ ‘ডক্তৰ বেজবৰুৱা’ অসমীয়া চলচ্চিত্ৰ জগতৰ এক মাইলৰ খুঁটিস্বৰূপ । তেওঁ এগৰাকী সুদক্ষ ক্ৰিকেট খেলুৱৈও আছিল। এইগৰাকী পুৰোধা ব্যক্তিলৈ সশ্ৰদ্ধ প্ৰণাম ।
আজি বাংলা সাহিত্যৰ অন্যতম জনপ্ৰিয় সাহিত্যিক জীবনানন্দ দাশৰ ওপজা দিন । ১৮৯৯ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ বাংলাদেশৰ দক্ষিণ প্ৰান্তৰ বৰিশালত তেওঁৰ জন্ম হৈছিল। তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ । বাংলা কবিতাৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথৰ পিছতেই তেওঁৰ স্থান বুলি কোৱা হয় । তেওঁ ৰচনা কৰা ‘বনলতা সেন’ বাংলা ভাষাৰ অতি জনপ্ৰিয় কবিতাসমূহৰ ভিতৰত অন্যতম । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।