আজি ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী আগশাৰীৰ মুক্তিযুঁজাৰু । ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৬২ চনৰ ১৩ মে’লৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বহুমুখী প্ৰতিভাসম্পন্ন ৰাজেন্দ্ৰ প্ৰসাদে সাতোটা ভাষা ভালদৰে জানিছিল । সাংবাদিক আৰু সাহিত্যিক হিচাপেও তেওঁ খ্যাতি অৰ্জন কৰিছিল । তেওঁ চাৰ্চলাইট নামৰ এখন ইংৰাজী কাকত আৰু দেশ নামৰ এখন হিন্দী কাকত প্ৰতিষ্ঠা কৰিছিল । তেওঁ আত্মকথা, ভাৰতীয় শিক্ষা, বাপুকে কদমোঁ মে আদি কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল । ভাৰত চৰকাৰে তেওঁক ‘ভাৰত-ৰত্ন’ সন্মানেৰে সন্মানিত কৰিছিল । ১৯৬৩ চনৰ আজিৰ দিনটোতে পাটনাত তেওঁৰ দেহাৱসান ঘটে। এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।