আজি অৰুণাচল প্ৰদেশৰ জনজাতীয় সমাজজীৱনৰ আধাৰত সৃষ্টিধৰ্মী ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰা বৰেণ্য সাহিত্যিক লুম্মেৰ দাইৰ স্মৃতি দিৱস । আকাশবাণী গুৱাহাটীৰ ঘোষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা লুম্মেৰ দাইয়ে পিছত ব’মডিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে যোগদান কৰি বিভাগটোৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে । ছাত্ৰ অৱস্থাতে তেওঁ ‘গিৰিবাণী’ নামেৰে এখন হাতেলিখা আলোচনী প্ৰকাশ কৰে । তাৰ পিছত ‘ৰামধেনু’ আলোচনীত তেওঁৰ বিভিন্ন প্ৰবন্ধ-পাতি প্ৰকাশ পায় । তেওঁৰ প্ৰথমখন উপন্যাস আছিল ‘পাহাৰৰ শিলে শিলে’ । তাৰ পিছত পৃথিৱীৰ হাঁহি, মন আৰু মন, কইনাৰ মূল্য আৰু ওপৰ মহল প্ৰকাশ পায় । তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ পায় এটি তপত স্মৃতি (গল্প সংকলন) আৰু সাত ভাইৰ মনোবল ৰাইজৰ তপোবল হওক (প্ৰবন্ধ সংকলন) । পৃথিৱীৰ হাঁহি গ্ৰন্থখনৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে । ২০০২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । অসম সাহিত্য সভাই তেওঁৰ স্মৃতিত ২০০৯ বৰ্ষৰ পৰা সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰি আহিছে । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় কণ্ঠশিল্পী মিহিৰ বৰদলৈৰ স্মৃতি দিৱস । মোক এটি সুৰ কৰি তোলা, ফুল দিলোঁ তোমাৰ হাতত, মোক অলপ অশ্ৰু দিয়া, মায়াবী নিশাৰে, আকুল মেঘে ঢালে আদি বিভিন্ন গীতেৰে শ্ৰোতাৰ মন জয় কৰা মিহিৰ বৰদলৈ এগৰাকী চিত্ৰশিল্পীও আছিল । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।