আজি প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ তথা ৰাজনীতিক হেম বৰুৱাৰ স্মৃতি দিৱস । তেওঁ অসমীয়া আৰু ইংৰাজী উভয় ভাষাতে কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি ৰচনা কৰিছিল । মমতাৰ চিঠি, আইতা আৰু জাৰৰ দিনৰ সপোন তেওঁৰ অতি জনপ্ৰিয় সাহিত্য কৃতি । ৰঙা কৰৱীৰ ফুল, কিউপিড আৰু ছাইকী, মন-ময়ূৰী, মেকং নৈ দেখিলোঁ, বালিছন্দা, সাহিত্য আৰু সমস্যা, Red River and Blue Hill, Folk Songs of India আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । স্বাধীনতা সংগ্ৰামী হেম বৰুৱাই গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু সংসদত অসমৰ হকে বজ্ৰ কণ্ঠেৰে মাত মাতিছিল । ১৯৭৭ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি শিক্ষাবিদ, সমালোচক তথা সাহিত্যিক ডঃ মহেন্দ্ৰ বৰাৰ স্মৃতি দিৱস । জাতিস্মৰ, এই নদীয়েদি, ৰূপৰ টিলিঙাৰ মাত আদি কবিতা পুথিৰ উপৰি অসমীয়া কবিতাৰ ছন্দ, ৰমণ্যাসবাদ, সাহিত্য উপক্ৰমণিকা আদি তেওঁৰ আলোচনামূলক গ্ৰন্থ । ‘উপলা নদীৰ দৰে’ তেওঁৰ আত্মজীৱনী । ১৯৮৭ চনত পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ ‘মণিদীপ’ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । অসম সাহিত্য সভাৰ মুখপত্ৰ ‘পত্ৰিকা’ৰো তেওঁ সম্পাদনা কৰিছিল । তেওঁ ‘ইষ্টাৰ্ণ ক্লেৰিয়ন’ নামৰ ইংৰাজী দৈনিক বাতৰি কাকত এখনৰো সম্পাদক আছিল । ১৯৯৪ চনত অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰে । ১৯৯৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বৰেণ্যলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ওপজা দিন । তেওঁ আছিল এগৰাকী সমাজবিজ্ঞানী, ইতিহাসবিদ, দাৰ্শনিক তথা লেখক । ১৮৯৩ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ আজমগড়ত তেওঁৰ জন্ম হৈছিল । তেওঁৰ প্ৰকৃত নাম আছিল কেদাৰনাথ পাণ্ডে । তেওঁ আছিল এগৰাকী পৰ্যটক, বিভিন্ন শাস্ত্ৰৰ সুপণ্ডিত তথা মাৰ্ক্সীয় দৰ্শনত দীক্ষিত ব্যক্তি । তেওঁক হিন্দী ভ্ৰমণ সাহিত্যৰ জনক বুলি কোৱা হয় । ‘ভল্গাৰ পৰা গংগালৈ’ তেওঁৰ অন্যতম বিখ্যাত গ্ৰন্থ । বৌদ্ধ দৰ্শনত তেওঁৰ পাণ্ডিত্য আছিল অসাধাৰণ । তেওঁ হিন্দী আৰু সংস্কৃতৰ উপৰি উৰ্দূ, ফাৰ্চী, আৰবী, তিব্বতী, সিংহলী, ৰুছ আদি বিভিন্ন ভাষা জানিছিল । ১৯৫৮ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰি ১৯৬৩ চনত পদ্মভূষণ সন্মানেৰেও সন্মানিত হয় । এইগৰাকী পণ্ডিতলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত সংগীত শিল্পী পল ৰবচনৰ ওপজা দিন । ১৮৯৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিউ জাৰ্ছিৰ প্ৰিন্সটনত তেওঁৰ জন্ম হৈছিল । তেওঁ আমেৰিকাৰ চিভিল ৰাইটছ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান-আমেৰিকান গায়ক তথা অভিনেতা আছিল । তেওঁ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈও আছিল । উই আৰ ইন দ্য ছেম ব’টছ ব্ৰাডাৰ তেওঁৰ এটা জনপ্ৰিয় গান । ডঃ ভূপেন হাজৰিকা তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল । ৰবচনৰ বিখ্যাত অ’ল্ড মেন ৰিভাৰ গীতটোৰ সুৰৰ আধাৰত ভূপেন হাজৰিকাই বিস্তীৰ্ণ পাৰৰে গীতটো সংৰচনা কৰিছিল । এইগৰাকী সংগীত শিল্পীলৈ আমাৰ প্ৰণাম ।